ETV Bharat / bharat

800 কুকুৰাৰ মৃত্যুৰ পাছতে মহাৰাষ্ট্ৰত বাৰ্ড ফ্লু নিশ্চিত - মহাৰাষ্ট্ৰত বাৰ্ড ফ্লুৰ সংক্ৰমণ

দুদিন একেৰাহে 800 পক্ষীৰ মৃত্যু হোৱাৰ পাছতে নিশ্চিত হ'ল মহাৰাষ্ট্ৰত বাৰ্ড ফ্লুৰ সংক্ৰমণ ৷ বাৰ্ড ফ্লুতআক্ৰান্ত অষ্টমখন ৰাজ্যৰ তালিকাত মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰৰ মুৰুম্বা নামৰ এখন গাঁৱত 800 মুৰ্গীৰ মৃত্যু হৈছে ৷ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ কথা প্ৰায় নিশ্চিত হোৱাৰ পাছতে গাঁওবাসীক স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে নিৰ্দেশ জিলা উপায়ুক্তৰ ৷

Bird flu confirmed after 800 hens die in Maharashtra
800 কুকুৰাৰ মৃত্যুৰ পাছতে মহাৰাষ্ট্ৰত বাৰ্ড ফ্লু নিশ্চিত
author img

By

Published : Jan 11, 2021, 7:54 PM IST

নেচনেল ডেস্ক, 11 জানুৱাৰী: উত্তৰ প্ৰদেশ, কেৰালা, ৰাজস্থান, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানাৰ আৰু গুজৰাটৰ পাছতে বাৰ্ড ফ্লুত আক্ৰান্ত অষ্টম খন ৰাজ্যৰ তালিকাত মহাৰাষ্ট্ৰৰ নাম সন্নিৱিষ্ট হৈ পৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনৰ পৰভানি জিলাত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ ইতিমধ্যে প্ৰায় 800 পক্ষীৰ মৃত্যু হৈছে ৷ জানিব পৰা মতে ৰাজ্যখনৰ নাগপুৰ, মুম্বাই আৰু লাটুৰ জিলাত হঠাৎ কাউৰী, ভাটৌ, মুৰ্গীৰ মৃত্যু হোৱা পৰিলক্ষিত হয় ৷ এই ঘটনাৰ পাছতে মৃত্যুৰ কাৰণ বিচাৰি উলিওৱাৰ উদ্দেশ্যে মৃত পক্ষীৰ নমুনাসমূহ ভূপালৰ এখন পৰীক্ষামূলক বিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ একে সময়তে পাৰভানিত হোৱা কুকুৰাৰ মৃত্যুৱে মহাৰাষ্ট্ৰলৈও বাৰ্ড ফ্লুৰ সংক্ৰমণৰ কথা নিশ্চিত কৰে ৷

জানিব পৰা মতে বিগত চাৰি দিন পূৰ্বে মুৰুম্বা নামৰ গাঁওখনত একেৰাহে দুদিন ধৰি প্ৰায় 800 মুৰ্গীৰ মৃত্যু হোৱাৰ উপৰিও গাঁওখনত অন্য বহু পক্ষীৰো মৃত্যু হয় ৷ এই ঘটনাৰ পাছতে পশুপালন বিভাগ আৰু পশু চিকিৎসা মহাবিদ্যলয়ৰ চিকিৎসক সকলে গাঁওখনলৈ আহি মৃত পক্ষী সমূহৰ নমুনা সংগ্ৰহ কৰি পুনেৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে ৷

ৰাজ্যখনত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ কথা প্ৰায় নিশ্চিত হোৱা পাছতেই জিলা উপায়ুক্ত মুগলিকৰে মুৰুম্বা গাঁৱৰ লগতে গাঁওখনৰ আশে পাশে প্ৰায় 10 কিলোমিটাৰ দূৰলৈকে থকা সকলো গাঁওবাসীক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে এক নিৰ্দেশ প্ৰদান কৰিছে, লগতে গাঁওবাসীৰ যোগেদি যাতে এই ৰোগ অধিক বিয়পি নাযায় সেই উদ্দেশ্যে জিলা উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ প্ৰদান কৰাৰ উপৰিও জিলা খনত ৰাজ্যৰ বাহিৰৰ পৰা কুকুৰাৰ বেচা কিনা সম্পূৰ্ণৰূপে নিষেধ কৰিছে ৷

উল্লেখ্য যে বাৰ্ড ফ্লু হৈছে এবিধ সংক্ৰামক ৰোগ ৷ 1997 চনত হংকঙৰ এখন প'ল্ট্ৰি ফাৰ্মৰ পৰা এই ভাইৰাছবিধ আৰম্ভ হোৱাৰ পাছতে আজি পৰ্যন্ত বিশ্বৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল ন'হল ৷ এভিয়ান ইনফ্লইনঞ্জা ভাইৰাছ (H5N1) য়ে চৰাইবোৰৰ গাত এই ৰোগৰ সৃষ্টি কৰে আৰু মানুহ বোৰ পক্ষীৰ সংস্পৰ্শলৈ অহাৰ পাছতে এই ৰোগত আক্ৰান্ত হয় ৷

লগতে পঢ়ক:বাৰ্ড ফ্লুৰ ভয়াৱহতা: ল’বলগীয়া সাৱধানতাসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.