ETV Bharat / bharat

ঘৰলৈ ওভতাৰ পৰতে যুৱতীৰ গালৈ এচিড নিক্ষেপ, তদন্ত আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:18 AM IST

মহাৰাজগঞ্জত এচিড আক্ৰমণৰ ঘটনা ৷ বাইক আৰোহীয়ে বজাৰৰ পৰা ঘৰলৈ উভতি অহা এগৰাকী যুৱতীৰ গালৈ এচিড নিক্ষেপ কৰে ৷ পলাতক অভিযুক্ত ৷ সম্প্ৰতি বিপদমুক্ত যুৱতাগৰাকী ৷

Acid Attack in Maharajganj
ঘৰলৈ ওভতাৰ পৰতে যুৱতীৰ গালৈ এচিড নিক্ষেপ
ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক ড৹ কৌস্তভৰ ভাষ্য

নেশ্যনেল ডেস্ক, 17 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা ৷ বাইকত অহা এজন যুৱকে এগৰাকী যুৱতীৰ গালৈ হঠাৎ এচিড নিক্ষেপ কৰে ৷ এচিড নিক্ষেপ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তটোৱে । জানিব পৰা মতে, মাকৰ সৈতে বজাৰৰ পৰা ঘৰৰ অভিমুখে গৈ আছিল ভুক্তভোগী যুৱতীগৰাকী ৷ তেতিয়াই এই অঘটনটো সংঘটিত হয় ৷

ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ পিচতে ভুক্তভোগী যুৱতীগৰাকীক স্থানীয় বি আৰ ডি মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় । আৰক্ষীয়ে এই বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও আৰক্ষীৰ দল মোতায়েন কৰা হৈছে আৰু অচিৰেই অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে ।

কিছুদিনৰ পিচতে এচিড আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকী বিবাহ সম্পন্ন হোৱাৰ কথা আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । জিলাখনৰ আৰক্ষী অধীক্ষক ড৹ কৌস্তভে ঘটনা সন্দৰ্ভত বিস্তৃত তথ্য আগবঢ়ায় কয়, "বৃহস্পতিবাৰে ভিটৌলী থানাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা যুৱতাগৰাকী মাতৃৰ সৈতে বজাৰৰ পৰা উভতি আহিছিল । উক্ত সময়ত হেলমেট পৰিহিত এজন যুৱক ৰাস্তাত থিয় হৈ আছিল । যুৱতাগৰাকীয়ে যুৱকজনৰ কাষেৰে পাৰ হৈ যাওঁতেই এচিড নিক্ষেপ কৰে । ঘটনা সংঘটিত কৰিয়েই অভিযুক্তটোৱে পলায়ন কৰে’’ ।

ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে বিষয়টো সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । ভুক্তভোগী পৰিয়ালৰ লোকে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী তুলিছে ।

লগতে পঢ়ক: Murder case in Jonai: প্ৰেমজনিত কাৰণত জঘন্য হত্য়াকাণ্ড, হত্যাকাৰীক শীঘ্ৰে ফাঁচিৰ দাবী আত্মীয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.