ETV Bharat / bharat

কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে যোগ আমাৰ জীৱনৰ অংশ হোৱা উচিতঃ নেপালৰ প্ৰধানমন্ত্ৰী - Khadga Prasad Sharma Oli

কৰ'ণা ভাইৰাছৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো সাৱসাধনা অৱলম্বন কৰি ভাৰতৰ লগতে নেপালতো 'আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস' পালন কৰা হয়। আনহাতে, আমেৰিকাত "Yoga for Health-Yoga at Home"ক থীম হিচাপে পালন কৰা হয় 'আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস'।

নেপালৰ প্ৰধানমন্ত্ৰী
Yoga should be part of our lifestyle in fight against COVID-19: Nepal PM
author img

By

Published : Jun 21, 2020, 7:48 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, ২১ জুনঃ "কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত যোগ আমাৰ দৈনন্দিন জীৱনৰ অংশ হোৱা উচিত। তদুপৰি মানুহে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে প্ৰতিদিনে যোগ সাধনা কৰা উচিত।" 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস'ৰ দিনটোতে বিশ্ববাসীক উদ্দেশ্যি এই মন্তব্য কৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লীয়ে।

নেপালবাসীয়ে যোগ সাধনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবেই নেপাল এখন সুস্থ দেশ হিচাপে গঢ়ি উঠিছে। সমগ্ৰ বিশ্বই মহামাৰী কোভিড-১৯ বিৰুদ্ধে যুঁজ দি আছে। এনে সংকটৰ সময়ত নিজকে সুস্থ কৰি ৰাখিবলৈ সু-স্বাস্থ্যকৰ খাদ্য, শাৰিৰীক ব্যায়াম আৰু উচ্চ মানসিক চিন্তাৰ অধিক প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লীয়ে প্ৰকাশ কৰে।

ভাৰতত যোগ এটা প্ৰাচীন শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক কলা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰায় পাঁচ হেজাৰ বছৰ পুৰণি এই পদ্ধতিয়ে যুগে যুগে ভাৰতৰ জনসাধাৰণক উপকৃত কৰি আহিছে। ২০১৪ ৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোডীয়ে 'আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস' সমগ্ৰ বিশ্বজুৰি পালন কৰিবলৈ আহবান জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটি প্ৰস্তাৱ দাঙি ধৰিছিল। এই দিৱস পালনৰ যোগেদি বিশ্বৰ শান্তি আৰু সহযোগিতা বৃদ্ধি কৰিব পৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছিল। সেই অনুসৰি ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সেই প্ৰস্তাৱটোত অনুমোদন জনাইছিল। উল্লেখ্য যে, ২০১৫ চনৰ ২১ জুনৰ দিনা পোনপ্ৰথমবাৰৰ বাবে 'আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস' সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছিল।

ভাৰতৰ লগতে নেপালতো কৰ'ণা ভাইৰাছৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো সাৱসাধনা অৱলম্বন কৰি 'আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস' পালন কৰা হয়। আনহাতে, আমেৰিকাত "Yoga for Health-Yoga at Home"ক থীম হিচাপে পালন কৰা হয় 'আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস'।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.