ETV Bharat / bharat

গৌড়া পৰিয়ালৰ সমৰ্থনত নামিল য়েডিয়ুৰাপ্পা - প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু JD (S) ৰ মুৰব্বী এইচ. ডি. ডেবগৌড়াৰ নাতি নিখিলৰ বিবাহ

গৌড়া পৰিয়াললৈ নিজৰ সমৰ্থন আগবঢ়ালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই ৷ বিবাহত সকলো ধৰণৰ নিৰ্দেশাৱলী মানি চলা হৈছিল বুলি মন্তব্য় য়েডিয়ুৰাপ্পাৰ ৷

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা
গৌড়া পৰিয়ালৰ সমৰ্থনত নামিল য়েডিয়ুৰাপ্পা
author img

By

Published : Apr 18, 2020, 7:50 PM IST

নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : লক ডাউনৰ নিৰ্দেশাৱলী অমান্য কৰি গৌড়া পৰিয়ালে এখন বিবাহ আয়োজিত কৰাক লৈ সৰ্বত্ৰে সমালোচনাৰ হোৱাৰ সময়তে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি. এছ. য়েডিয়ুৰাপ্পাই মঙলবাৰে কয় যে, এই বিবাহ একেবাৰে সীমিত আৰু সাধাৰণভাৱে আয়োজিত কৰা হৈছিল আৰু ইয়াৰ বাবে তেওঁলোকক অভিনন্দনহে জনাব লাগে ৷

"সকলোধৰণৰ প্ৰয়োজনীয় অনুমতি গ্ৰহণ কৰি অতি সাধাৰণভাৱে এই বিবাহ সম্পন্ন হৈছিল ৷ এই সম্পৰ্কত আলোচনা কৰিবলৈ একো নাই"-য়েডিয়ুৰাপ্পাই কয় ৷

এক সংবাদ মেলত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,"তেওঁলোকে অতি সীমিত ব্যৱস্থাৰে এই বিবাহৰ আয়োজন কৰা বাবে মই তেওঁলোকক অভিনন্দনহে জনাইছো ৷"

উল্লেখ্য যে,প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু JD (S)ৰ মুৰব্বী এইচ. ডি. দেৱগৌড়াৰ নাতি নিখিলৰ বিবাহ উপভোগ কৰিবৰ বাবে এক ফাৰ্ম হাউচত বহুসংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হৈছিল ৷ COVID-19 লক ডাউনৰ বাবে এই স্থানত উপস্থিত নহ'বলৈ নিৰ্দেশ দিয়াৰ পাচতো লোকসকলে ভিৰ কৰিছিল ৷

প্ৰাক্তন মুখ্য়মন্ত্ৰী এইচ. ডি. কুমাৰাস্বামীৰ পুত্ৰ নিখিলে কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী এম.কৃষ্ণাপ্পাৰ নাতি-ভতিজী ৰেৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ ৰামানাগাৰা জিলাৰ বিদাদীৰ কুমাৰাস্বামীৰ কেথাগানাহাল্লী নামৰ ফাৰ্ম হাউচত এই বিবাহ অনুষ্ঠিত কৰা হৈছিল ৷

এই বিবাহৰ পাচতে কুমাৰাস্বামীয়ে টুইটাৰৰ জৰিয়তে তেওঁৰ দলৰ সকলো বিধায়ক,নেতা আৰু দলীয় কৰ্মীক বিবাহত উপস্থিত নাথাকিলেও নিজ নিজ ঘৰৰ পৰাই তেওঁৰ পুত্ৰক আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ জনায় ৷ আন এক টুইটত তেওঁ কয় যে, বিবাহ অনুষ্ঠানত সামাজিক দুৰত্ব মানি চলাৰ লগতে সকলো ধৰণৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷

শাসনাধীষ্ঠ বিজেপি দলে জেডি(এছ)ৰ বিৰুদ্ধে গৰজি উঠাৰ লগতে কয় যে,বিবাহত প্ৰায় 150ৰ পৰা 200 বাহন প্ৰত্যক্ষ কৰা হৈছিল ৷ কিন্তু,বিজেপিৰ এই দাবী নস্যাৎ কৰি জেডি(এছ)ৰ নেতা এন. এইচ.কোনাৰেড্ডীয়ে কয় যে,কেন্দ্ৰীয় চৰকাৰৰ সকলো নিৰ্দেশাৱলী মানি চলাৰ লগতে সামাজিক দুৰত্বৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.