ETV Bharat / bharat

কোনে কৈছে যে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি : চিদাম্বৰম

author img

By

Published : Nov 1, 2020, 10:07 PM IST

কেন্দ্ৰীয় মন্ত্ৰী পি চিন্দাম্বৰমে শনিবাৰে এক মন্তব্য প্ৰকাশ কৰি কয় যে বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ ৷ বিহাৰ নিৰ্বাচনত এই কথা সঁচা প্ৰমাণিত হোৱাৰ বাবে আশা প্ৰকাশ চিদাম্বৰবৰ ৷ বিৰোদী দলসমূহক এই কথাত বিশ্বাস ৰাখিবলৈ আহ্বান ৷

কোনে কৈছে যে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি : চিদাম্বৰম
কোনে কৈছে যে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি : চিদাম্বৰম

নতুন দিল্লী, 1 নৱেম্বৰ : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিন্দাম্বৰমে শনিবাৰে কয় যে ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ক প্ৰতিহত কৰাটো যে সম্ভৱ এই কথাত বিৰোধী দল সমূহে বিশ্বাস ৰাখিব লাগিব ৷ তেওঁ আশা প্ৰকাশ কৰে যে বিহাৰ নিৰ্বাচনে এই কথাষাৰক সঁচা প্ৰমাণিত কৰিব ৷ 2019 ৰ লোকসভা নিৰ্বাচনৰ পিছত দেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাজনে মন্তব্য কৰি কয় যে বিজেপিৰ বিজয়ৰ শতাংশ ক্ৰমাৎ কমি গৈছে ৷

চিদাম্বৰমে কয়, " 2019 চনৰ লোকসভা নিৰ্বাচনত, বিজেপি প্ৰাৰ্থীসকলে 381 টা বিধানসভা খণ্ডৰ ভিতৰত 319 টা লাভ কৰাৰ পৰিৱৰ্তে 2019 চনৰ পৰা এই খণ্ডবোৰত নিৰ্বাচন বা উপ-নিৰ্বাচনত, বিজেপি প্ৰাৰ্থীসকলে 381 টা খণ্ডৰ ভিতৰত মাত্ৰ 163 টা হে জিকিছিল ।" তেওঁ লগতে কয়, " কোনে কৈছে যে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি ৷ মই আশা কৰো বিহাৰ নিৰ্বাচনত এই কথা প্ৰমাণ হ'ব ৷"

উল্লেখ্য যে অক্টোবৰৰ 28 তাৰিখে বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হৈ যায় ৷ বাকী থকা দুটা পৰ্যায় নৱেম্বৰ 3 আৰু 7 তাৰিখলৈ নিৰ্ধাৰিত কৰা হৈছে ৷ নৱেম্বৰ 10 তাৰিখে ভোট গণনা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: প্ৰতিবাদৰ মাজতে গিলগিত-বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.