নিউড ডেস্ক, 8 মে': বিশাখাপট্টনমত সংঘটিত হোৱা এল জি পলিমাৰ গেছ নিৰ্গমণ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই 12 জন হৈছেগৈ ৷
ইয়াৰ মাজতে নিৰ্গমণ হোৱা বিষাক্ত ষ্টেৰিন গেছৰ প্ৰভাৱৰ পৰিমান কমাবলৈ বিশাখাপট্টনমত শেষ ৰাতি উপস্থিত হৈছে পেৰা-টেৰ্টিয়াৰি বুটাইল কেটচলৰ (PTBC) ৰাসায়নিক বিশেষজ্ঞ ।
উল্লেখ্য যে, কালি নিশা প্ৰায় ৩ মান বজাৰ পৰা গেছ নিৰ্গমণ হৈ অঞ্চলটোৰ আশে পাশে থকা সহস্ৰাধিক লোক আক্ৰান্ত হৈ পৰাৰ লগতে আন জীৱ-জন্তুও আক্ৰান্ত হৈছে ।