নেশ্যনেল ডেস্ক, 10 মে' : মালয়েছিয়াৰ কুৱালা লামপুৰৰ পৰা তামিলনাডুৰ তিৰুচিৰাপল্লীত উপস্থিত হ'ল 177 জন ভাৰতীয় নাগৰিক ৷ শনিবাৰে এই লোকসকলক বন্দে ভাৰত মিছনৰ অধীনত বিশেষ বিমানৰ জৰিয়তে কঢ়িয়াই অনা হয় ৷
IX – 0681 বিমানখনে মালয়েছিয়াৰ পৰা আহি তিৰুচি আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত নিশা 10.20 বজাত অৱতৰণ কৰে ৷ যাত্ৰীসকলক বিমান বন্দৰত স্ক্ৰীনিং আৰু পৰীক্ষণ কৰাৰ পাচত কোৱাৰান্টাইন চেন্টাৰলৈ লৈ যোৱা হয় ৷
উল্লেখ্য যে, জিলা প্ৰশাসনে এই যাত্ৰীসকলৰ কোৱান্টাইন সুবিধাৰ খৰচ বহন কৰিব ৷ চৰকাৰৰ বন্দে ভাৰত মিছনৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত আৱদ্ধ ভাৰতীয় নাগৰিকক দেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে ৷