ETV Bharat / bharat

পুত্ৰক গুলীয়াই আত্মহত্যাৰ পথ বাছি ল'লে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই - বৈধ পিস্তল

দাদৰি আৰক্ষী থানাৰ অন্তৰ্গত এস্কৰ্ট কলনিৰ ৰেল আলিৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পাছত পোহৰলৈ আহে যে, পৰিয়ালকেন্দ্ৰীক সংঘাতৰ ভাৱে সৃষ্টি হোৱা সংঘাতৰ বাবেই সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা ৷

Uttar Pradesh: After firing at son, retired police officer shoots self
পুত্ৰক গুলীয়াই নিজে আত্মহত্যা কৰিলে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই
author img

By

Published : Aug 27, 2020, 2:16 PM IST

নিউজ ডেস্ক, 27 আগষ্ট : উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ দাদৰি আৰক্ষী থানাৰ অন্তৰ্গত এস্কৰ্ট কলনিত বুধবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নিজৰ পুত্ৰক বুকুত আৰু ভৰিত গুলীয়াই আহত কৰাৰ পাছত নিজে নিজকে গুলীয়াই আত্মহত্যা কৰে ৷ পৰৱৰ্তী সময়ত আহত পুত্ৰক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আৰক্ষীয়ে সদৰি কৰে এই কথা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দাদৰি আৰক্ষী থানাৰ অন্তৰ্গত এস্কৰ্ট কলনিৰ ৰেল আলিৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পাছত পোহৰলৈ আহে যে, পৰিয়ালকেন্দ্ৰীক সংঘাতৰ ভাৱে সৃষ্টি হোৱা সংঘাতৰ বাবেই সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা ৷

গ্ৰেটাৰ নয়ডাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত বিশাল পাণ্ডেই সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰি এই সন্দৰ্ভত কয় " আমি লোকজনৰ ওচৰ-চুবুৰীয়াৰ সৈতে কথা পাতি গম পালো যে, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজন সুৰাষক্ত আছিল ৷ প্ৰথমে পিতা-পুত্ৰৰ মাজত বাক-বিতণ্ডা আৰম্ভ হয় যদিও পৰৱৰ্তি সময়ত এই সংঘাতে চুড়ান্ত ৰূপ লয় ৷ প্ৰথমে আৰক্ষী বিষয়াজনে তেখেতৰ বৈধ পিস্তলেৰে নিজৰ পুত্ৰত গুলিয়ায় আৰু পাছত নিজকে গুলীয়াই আত্মহত্যা কৰে ৷ ইতিমধ্যে আহত পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ "

তদুপৰি তেখেতে কয় যে, আৰক্ষী বিষয়াজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : 200 টকাৰ বাবেই ৰহাত হত্যাকাণ্ডৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.