ETV Bharat / bharat

চাফাই কৰ্মীৰ পৰা পদ্মশ্ৰীলৈ উষা চৌমৰৰ এক অনুকৰণীয় যাত্ৰা

উষা চৌমৰে অলৱৰক গৰ্বিত কৰাই নহয় সমগ্ৰ দেশতেই প্ৰসিদ্ধ হৈ পৰিছে ৷ উষাই কয় এইটো জনমত তেওঁ দুটা পৃথক জীৱন জীয়াৰ সোৱাদ পাইছে ৷ তেওঁ সমগ্ৰ নাৰী জাতিকে সমস্যাৰ পৰা আঁতৰি নাহি জীৱন যুদ্ধত যুঁজ দিবলৈ বাৰ্তা প্ৰেৰণ কৰে ৷

author img

By

Published : Mar 2, 2020, 10:41 AM IST

Usha Chaumar's inspirational journey from manual scavenger to Padma Shri awardee
চাফাই কৰ্মীৰ পৰা পদ্মশ্ৰীলৈ উষা চৌমৰৰ এক অনুকৰণীয় যাত্ৰা

নিউজ ডেস্ক, 2 মাৰ্চঃ কঠোৰ অধ্যাৱসায় তথা পৰিশ্ৰমৰ পিছতো যদি কষ্টৰ ফল নধৰে তেতিয়া উষা চৌমৰৰ জীৱনৰ পৰা শিক্ষা লোৱা উচিত ৷ নৰকৰ পৰা সৰগলৈ যোৱা উষাই দুই ধৰণৰ জীৱন যাপন কৰিছে ৷ এই নতুন জীৱনৰ পাতনি মেলা উষাৰ লগতে অইন 150 গৰাকী মহিলাৰো জীৱন সলাই দিছে উষাই ৷ সেইবাবে হয়তো ভাৰত চৰকাৰে চলিত বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিব ওলাইছে উষাক ৷

উষা চৌমৰে অলৱৰক গৰ্বিত কৰাই নহয় সমগ্ৰ দেশতেই প্ৰসিদ্ধ হৈ পৰিছে ৷ উষাই কয় এইটো জনমত তেওঁ দুটা পৃথক জীৱন জীয়াৰ সোৱাদ পাইছে ৷ তেওঁ সমগ্ৰ নাৰী জাতিকে সমস্যাৰ পৰা আঁতৰি নাহি জীৱন যুদ্ধত যুঁজ দিবলৈ বাৰ্তা প্ৰেৰণ কৰে ৷

2003 জীৱনৰ টাৰ্ণিং পইন্টঃ

তেওঁ মাত্ৰ 7 বছৰ বয়সতেই চাফাই কৰা কাম আৰম্ভ কৰিছিল ৷ আনহাতে মাত্ৰ 14 বছৰ বয়তেই বিবাহপাশত আবদ্ধ হৈছিল উষা আৰু বিয়াৰ পিছতো তেওঁ নিজৰ চাফাই কাম বৰ্তি ৰাখিছিল ৷ উষাই কয় 2003 চনটোৱে তেওঁৰ জীৱন সলাই পেলাইছিল তাৰ লগতে আন 150 গৰাকী মহিলাৰো জীৱনৰ সলনি হৈ গৈছিল আৰু তেওঁক মূলসূঁতিৰ সৈতে জড়িত কৰাইছিল ৷

এটা নৰক সদৃশ জীৱন পাৰ কৰিছোঃ উষা

উষাই যেতিয়া 2003 চনৰ আগত নিজক জীৱনৰ বিষয়ে বৰ্ণনা কৰে তেতিয়া তেওঁ অন্য চাফাই কৰ্মীক কৰা বেয়া ব্যৱহাৰ তেওঁৰ ক্ষেত্ৰতো লাভ কৰা বুলি উল্লেখ কৰে ৷ মানুহে তেওঁৰ লগত অস্পৃশ্য ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ বহা আসনৰ ওচৰত কোনেও বহা নাছিল লগতে তেওঁক কোনোবাই টকা দিবলৈ থাকিলে দলিয়াই দিছিল বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি তেওঁৰ যেতিয়া পিয়াহ লাগিছিল পানীৰ সোঁতত চুবলৈ নিদি ওপৰৰ পৰাই খাব দিয়া হৈছিল আৰু মন্দিৰৰ ভিতৰত প্ৰৱেশতো তেওঁৰ প্ৰতিবন্ধকতা আছিল বুলি উল্লেখ কৰে ৷ এইবোৰ দেখি শুনি তেতিয়া তেওঁৰ ভাব হৈছিল যে গোটেই জীৱন এই কাৰ্যতে সীমাবদ্ধ থাকিব নেকি? এই কৰ্মৰ বাবেই জন্ম হৈছে নেকি বুলি মনত প্ৰশ্ন উত্থাপন হৈছিল ৷

তেওঁৰ জীৱন সলনি গৈছিল.....

আজি উষা ‘সুলভ শৌচালয় সংস্থা’ৰ লগত জড়িত হোৱাৰ লগতে হস্তনিৰ্মিত বস্তু ৰাইজৰ মাজত বিলাই দিয়ে ৷ তেওঁ এতিয়া নতুন জীৱন এটা লাভ কৰিছে আৰু তেওঁৰ উপাৰ্জনেৰে নিৰ্ভৰশীল পৰিয়ালটো ৷

নাৰীয়ে জীৱনৰ কঠিনতাক সাহসেৰে মুখামুখী হ’ব লাগেঃ উষা

উষা চৌমাৰে নাৰী জাতিৰ বাবে এক স্পষ্ট আৰু শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি কয় যে সমাজত নাৰীক সদাই দানৱীয় দৃষ্টিৰে নজৰ দিয়া হয় ৷ পৰিস্থিতি সাপেক্ষে নাৰীয়ে নিজৰ প্ৰাপ্যৰ বাবে সমাজত যুঁজ দিয়াটো অতিশয় প্ৰয়োজনীয় ৷ লগতে তেওঁ কয় নাৰীয়ে ভয়-শংকাত নহয় সাহসী হিচাপেহে নিজৰ কঠিনতাৰ মুখামুখী হ’ব লাগে ৷

আৰু পঢ়কঃনাৰী দিৱস বিশেষঃ বলিষ্ঠ নেত্ৰী সুষমা স্বৰাজক সশ্ৰদ্ধ স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.