নিউজ ডেস্ক,27আগষ্টঃআমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবগৰাকীয়ে আজি চীনে প্ৰণালীগতভাৱে নিয়ম ভংগ কৰা,সৰু সৰু ৰাষ্ট্ৰবোৰৰ ওপৰত অৰ্থনৈতিক আধিপত্য বিস্তাৰ আৰু মহামাৰীৰ সময়তো পুঁজি সংগ্ৰহৰ বাবে সুযোগ গ্ৰহণ কৰাৰ চেষ্টাত ব্যতিব্যস্ত থকাৰ বাবে তীব্ৰভাৱে সমালোচনা কৰে । হাৱাইৰ হোনলুলুৰ ডেনিয়েল কে ইনউব্যে এছিয়া পেচিফিক চেণ্টাৰ ফ'ৰ ছিকিউৰিটী ষ্টাডীজৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে অনলাইনযোগে বক্তৃতা প্ৰদান কৰি প্ৰতিৰক্ষা সচিব ডঃ মাৰ্ক টি এস্পাৰে এনেদৰে সমালোচনাত সৰৱ হৈ পৰে । প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ ডেনিয়েল কে ইনউব্যে এছিয়া পেচিফিক চেণ্টাৰ ফ'ৰ ছিকিউৰিটী ষ্টাডীজ বা চমুকৈ ডি কে আই এ পি চি এছ এছ ১৯৯৫ চনত স্থাপন কৰা হৈছিল । এই প্ৰতিষ্ঠান স্থাপনৰ মূল উদ্দেশ্য আছিল ইণ্ডো-পেচিফিক অঞ্চলৰ শতাধিক সেনা আৰু নিৰাপত্তা বাহিনীৰ লোকৰ মাজত মতৰ আদান-প্ৰদানৰ লগতে গোলকীয় বিষয়সমূহ আলোচনা কৰা ।
এক মুকলি ইণ্ডো-পেচিফিক অঞ্চল সন্দৰ্ভত ভাষণ প্ৰদান কৰি এস্পাৰে কয়—“আমাৰ মিত্ৰজোঁট হিচাপে থকা শক্তি চীনৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ সুবিধা বুলি গ্ৰহণ কৰিব পাৰি । চীনে প্ৰায়ে আনৰ সুৰক্ষাৰ লগত আপোচ কৰি স্বাৰ্থ সিদ্ধি কৰিবলৈ নীতি-নিয়ম ভংগ কৰি আহিছে ।”
২০১৮ চনৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিৰ্দেশাৱলী অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ৫০ শতাংশ পাঠ চীনৰ ওপৰত ৰাখিবলৈ নিৰ্দেশ দিছে । এস্পাৰে কয় যে, চীনক শত্ৰু হিচাপে বিদ্যালয়ৰ শিক্ষা, পাঠ্যক্ৰম আৰু প্ৰশিক্ষণত প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
চীনা কমিউনিষ্ট দলৰ নেতৃত্বত বেইজিঙে ইয়াৰ প্ৰতিশ্ৰুতিসমূহ পালনত ব্যৰ্থ হৈ আহিছে । আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু মুক্ত বজাৰ অৰ্থনীতিৰ পৰা লাভ আদায় কৰি থকা স্বত্বেও চীনে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম আদি ভংগ কৰি আহিছে । দ্বিতীয়তে হংকঙৰ স্বাধীনতা ৰক্ষা, দক্ষিণ চীন সাগৰত সামৰিক কুচকাৱাজ নচলোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ চীনে ধূলিস্যাৎ কৰি আহিছে বুলি এস্পাৰে মতপোষণ কৰে। তেওঁ কয়—“বেইজিঙৰ এনেধৰণৰ স্বৈৰতান্ত্ৰিক আচৰণ কেৱল ইণ্ডো-ৰেচিফিক আচলতে সীমাবদ্ধ নহয় । বৰঞ্চ বিশ্বৰ বিভিন্ন প্ৰান্তৰ আমাৰ সমভাৱাপন্ন বন্ধু দেশসমূহে চীনৰ নিয়ম ভংগ, ঋণ প্ৰদানৰ নামত অৰ্থনৈতিক আধিপত্য আদিৰ সন্মুখীন হৈ আহিছে ।”
চীনৰ সেনা বাহিনী পিপ’লছ্ লিবাৰেশ্যন আৰ্মীয়ে এখন দেশ বা দেশখনৰ সংবিধান অনুসৰি কাম কৰাৰ সলনি এটা ৰাজনৈতিক দলৰ হকেহে সেৱা আগবঢ়াই থকা বুলি ট্ৰাম্প চৰকাৰৰ শীৰ্ষ মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে । তেওঁ এই সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়—চীনৰ এনেধৰণৰ নেতিবাচক তথা অস্থিৰ কামকাজ ৰাজনৈতিক আৰু অৰ্থনৈতিক সীমাৰেখাও অতিক্ৰম কৰি আহিছে । চীনৰ আগ্ৰাসী মনোবৃত্তিক শক্তিশালী কৰাৰ উদ্দেশ্যে পি এল এয়ে এই শতিকাৰ মাজভাগত বিশ্বৰ ভিতৰতে আগশাৰীৰ সামৰিক শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ উদ্দেশ্যে আধুনিকীকৰণৰ প্ৰচেষ্টা হাতত লৈছে । ইয়াৰ ফলত নিঃসন্দেহে দক্ষিণ চীন সাগৰ বা চীন দেশে পৃথিৱীৰ যিকোনো অঞ্চলতে নিজ স্বাৰ্থ সুৰক্ষা কৰিব বিচাৰে তাতেই পি এল এয়ে আগ্ৰাসী ৰূপ ধাৰণ কৰিব ।
মাৰ্কিন প্ৰতিৰক্ষা সচিবগৰাকীয়ে লগতে উল্লেখ কৰে যে, ইণ্ড-পেচিফিক অঞ্চলত মুঠ জি ডি পিৰ ৬০ শতাংশ থকাৰ বিপৰীতে ছখন পাৰমাণৱিক শক্তিসম্পন্ন দেশ আৰু বিশ্বৰ দহটা সৰ্ববৃহৎ সামৰিক বাহিনী আছে । চীনৰ সৈতে হোৱা শক্তি যুদ্ধত ইণ্ডো-পেচিফিকেই অভিকেন্দ্ৰ বুলি তেওঁ আখ্যা দিয়ে । তেওঁ আমেৰিকা আৰু আন আন মিত্ৰ দেশসমূহৰ মাজত প্ৰয়োজন হোৱা সমন্বয়ৰ কথা দোহাৰে ।
ভাৰতৰ সৈতে আমেৰিকা যুক্তাৰাষ্ট্ৰৰ সম্পৰ্কক একবিংশ শতিকাৰ উল্লেখনীয় ঘটনা বুলি অভিহিত কৰি লাইন অৱ্ এক্সুৱেল কন্ট্ৰল চমুকৈ এল এ চিত অব্যাহত থকা অস্থিৰতা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মাৰ্কিন প্ৰতিৰক্ষা সচিবগৰাকীয়ে এয়া চীনৰ স্বভাৱসুলভ দুব্যৱহাৰ বুলি কয় ।
“চীনৰ সৈতে হোৱা শেহতীয়া সংঘাতকে ধৰি বিভিন্ন সময়ত মই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছোঁ । চীনে কৰোনাভাইৰাছৰ সুযোগ কেনেদৰে গ্ৰহণ কৰিব বিচাৰিছে তাৰে এয়া এক উদাহৰণ । সমগ্ৰ বিশ্বতে কি ঘটি আছে, আৰু এল এ চিত কি ঘটিছে । চীনৰ অপ্ৰয়োজনীয় বেয়া আচৰণৰ এয়া আন এটা উদাহৰণহে । দুয়ো পক্ষই সংঘাত মৰিষণ কৰিবলৈ কৰা চেষ্টা ভাল লক্ষণ । অনে প্ৰচেষ্টাৰ প্ৰতি আমাৰ ফালৰ পৰা উৎসাহ যোগাৱা হৈছে । কিন্তু ইয়াৰ সামান্তৰালভাৱে আমি ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে কাম কৰি যাম ।” -এস্পাৰৰ মন্তব্য এয়া ।
উল্লেখযোগ্য যে,অনাগত কিছু সপ্তাহৰ ভিতৰতে ভাৰত আৰু আমেৰিকাৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত ২+২ বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । সামৰিক বাহিনীসমূহৰ সৈতে সম্পৰ্ক স্থাপন তথা মিত্ৰ দেশসমূহৰ সেনা বাহিনীক প্ৰয়োজনত অস্ত্ৰ যোগান নিশ্চিত কৰাৰ বাবে আমেৰিকাৰ বৈদেশিক সামৰিক বিক্ৰয় নীতিৰ ক্ষেত্ৰত অনা সাল-সলনিৰ কথাও ডঃ এস্পাৰে তেওঁৰ ভাষণত উল্লেখ কৰে । জাপানক এফ ৩৫ হেলিকপ্টাৰ, ভাৰতক চী হ’ক, এপাচী, টাইৱানক এফ ১৬ যুঁজাৰু বিমান যোগান ধৰাৰ কথা তেওঁ প্ৰকাশ কৰে ।
গুৰুত্বপূৰ্ণ ভাষণটোত প্ৰতিৰক্ষা সচিবগৰাকীয়ে কয়-“আমি যুদ্ধ কৰাৰ পদ্ধতি সলনি কৰিছোঁ । একবিংশ শতিকাৰ যুদ্ধৰ বাবে এক যৌথ ধাৰণাৰ সৃষ্টিৰ লগতে আন কিছুমান কৌশল অৱলম্বন কৰিছোঁ যাৰ জৰিয়তে যিকোনো পৰিস্থিতি এটা আমাৰ মিত্ৰসকলে পূৰ্বানুমান কৰিব পাৰে । ইয়াৰ জৰিয়তে আমাৰ প্ৰতিদ্বন্দ্বীসকলে পূৰ্বানুমান কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব । এনে কৌশলে আমাৰ সেনা বিহানীক ভৱিষ্যতৰ সংঘাতময় পৰিস্থিতিৰ বাবে সাজু কৰি তুলিব । আমি আশা কৰোঁ যে আমি তেনেধৰণৰ যুদ্ধত অৱতীৰ্ণ হ'ব নালাগিব, কিন্তু জয়লাভ কৰিবলৈ হ’লে সাজু থাকিব লাগিব।”
উল্লেখ্য যে দক্ষিণ চীন সাগৰত কাৰ্যকলাপৰ বাবে যিটো দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেট ডিপাৰ্টমেণ্টে কিছুসংখ্যক চীনৰ চৰকাৰী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে, একেটা দিনতে ডঃ এস্পাৰে চীনৰ কোম্পানীসমূহৰ সৈতে ৫জি প্ৰযুক্তিৰ ব্যৱসায় নকৰিবলৈ মিত্ৰ দেশসমূহক আহ্বান জনায় । তেওঁ কয়—“আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে চীনৰ ৫ জি প্ৰতিষ্ঠানসমূহৰ প্ৰৱেশ নিষেধ কৰি আমাৰ প্ৰযুক্তিৰ ক্ষতি কৰা বা ব্যাহত কৰিব খোজা চীনৰ কামকাজক বাধা দিছে । জাপান, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডে তেনে সিদ্ধান্ত আগেয়ে গ্ৰহণ কৰিছে । টেলিকমিউনিকেশ্বনৰ আন্তঃগাঁথনি পছন্দ কৰোঁতে সকলো সমভাৱাপন্ন দেশকে সতৰ্ক হ’বলৈ মই আহ্বান জনাইছোঁ । চীনৰ চৰকাৰৰ আশিষধন্য প্ৰতিষ্ঠানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বিপদৰ সম্ভাৱনা বিবেচনা কৰিবলৈও অনুৰোধ জনাইছোঁ ।”বিশ্ব স্বাস্থ্য সংস্থাৰ ক্ষেত্ৰত স্বচ্ছ নীতি গ্ৰহণ নকৰি কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বজুৰি চলা চেষ্টাক বাধা প্ৰদান কৰিবলৈ চীনে চেষ্টা চলোৱা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
লেখকঃস্মিতা শৰ্মা
লগতে পঢ়কঃপাকিস্তানৰ মিছা দাবীক খণ্ডন ভাৰতৰ, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ পত্ৰ