নিউজ ডেস্ক, ৮ জুনঃ উত্তৰ প্ৰদেশত দেওবাৰে খালিস্তানী সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰে । দেওবাৰে উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডে অস্ত্ৰসহ আটক কৰে কিঠোৰ অঞ্চলৰ যাৱেদ মেৰঠ নামৰ ব্যক্তিজনক । পঞ্জাৱৰ আৰএছএছ বিষয়াপ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিজনক ।
উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডে এক বিবৃতিযোগে কয় যে, যাৱেদে ধুলিয়ানাস্থিত ধৰ্মিন্দৰ সিঙক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছিল । যি পঞ্জাৱৰ এজন বৰ্ষীয়ান আৰএছএছ অফিচাৰ বিগ্ৰেড জগদীশ কুমাৰৰ হত্যাৰ লগত জড়িত আছিল । ইতিমধ্যে যাৱেদৰ এজন সহযোগীকো গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোৱাডে ।
আনহাতে, জগদীশ কুমাৰৰ হত্যাৰ লগত জড়িত ধৰ্মিন্দৰ সিং খালিস্তান লিবাৰেছন ফৰ্চ সদস্য আছিল । যাৱেদক বৰ্তমান তিহাৰ জেলত ৰখা হৈছে বুলিও উল্লেখ কৰে উত্তৰ প্ৰদেশৰ সন্ত্ৰাস বিৰোধী স্কোয়াডে ।