ETV Bharat / bharat

দৰিদ্ৰ লোকলৈ ১০০০ টকাকৈ সাহাৰ্যৰ ঘোষণা উত্তৰ প্ৰদেশ চৰকাৰৰ

উত্তৰ প্ৰদেশ চৰকাৰে শেহতীয়াকৈ লক ডাউনৰ মাজত হাৰাশাস্তিৰ সন্মুখীন হোৱা দৰিদ্ৰ লোকৰ বাবে ঘোষণা কৰিছে বিত্তীয় সাহাৰ্যৰ।

UP announces Rs 1,000 aid per head for destitute people amid lockdownv

author img

By

Published : Apr 19, 2020, 1:39 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ দৰিদ্ৰ লোকৰ বাবে বিত্তীয় সাহাৰ্য ঘোষণা উত্তৰ প্ৰদেশ যোগী আদিত্যনাথ চৰকাৰৰ শেহতীয়াকৈ শনিবাৰে প্ৰত্যেকজন দৰিদ্ৰ লোকলৈ ১০০০ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে । য'ত লক ডাউনৰ মাজত গ্ৰাম্যাঞ্চল আৰু চহৰৰ দুয়োটা ক্ষেত্ৰৰ পৰাই বাদ পৰি যোৱা লোককো অন্তৰ্ভুক্ত কৰা হৈছে ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই সাহাৰ্যৰ কথা । বৰ্তমানলৈকে উত্তৰ প্ৰদেশ চৰকাৰে ২৩৬.৯৮ কোটি টকা ২৩,৭০,০০০ গৰাকী শ্ৰমিকৰ মাজত বিতৰণ কৰিছে বুলি উল্লেখ কৰে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সঞ্চালকে । ইয়াৰ লগতে ৰাজ্যখনৰ বহু কেইখন জিলা ভাইৰাছ মুক্ত বুলিও উল্লেখ কৰে । ইয়াৰ ভিতৰত আছে- ফিলিভিট,মহাৰাজগঞ্জ,হাথ্ৰাছ আদি । বৰ্তমান শ্বাহজাহানপুৰ,বৰেলি আৰু প্ৰায়াগৰাজো কৰ'ণা মুক্ত বুলি কোৱা হৈছে ।

যোৱা সপ্তাহত মুখ্য়মন্ত্ৰী গৰাকীয়ে লক ডাউনৰ ফলত যি সকল লোকৰ জীৱিকা প্ৰভাৱিত হৈছে তেওঁলোকক সহায় কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছিল । প্ৰথম অৱস্থাত ৰাজ্যখনৰ ১১ লাখ নিৰ্মাণকাৰী শ্ৰমিকক ১০০০ হাজাৰ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.