ETV Bharat / bharat

শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী

author img

By

Published : Jun 30, 2020, 10:24 AM IST

Updated : Jun 30, 2020, 11:02 AM IST

মাদাৰ-ই-ৱতন হৈছে পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান,এগৰাকী ভাৰতীয় কন্যা,যি আছিল পাকিস্তানৰ প্ৰথমগৰাকী মহিলা নাগৰিক তেওঁ হৈছে শেইলা আইৰিন পন্ট ৷ উত্তৰাখণ্ডৰ আলমোৰাত জন্মগ্ৰহণ কৰা আইৰিনে পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকত আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল,যিয়ে মহিলাৰ অধিকাৰ আৰু জীৱনৰ শেষ উশাহলৈ ৰক্ষণশীল সমাজৰ বিৰুদ্ধে মাত মাতি গৈছিল ৷

শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী
শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী

নিউজ ডেস্ক : ঐতিহাসিক আলমোৰা চহৰ,যিখন চহৰে দেশক ভাৰত ৰত্ন গোবিন্দ বল্লভ পন্ট, বিদগ্ধ নৃত্যবিদ উদয় শংকৰৰ দৰে ব্যক্তি উপহাৰ দিছে ৷ এই সূচীখনত থকা আন এটা নাম হৈছে শেইলা আইৰিন পন্ট, যিয়ে লিয়াকত আলি খানৰ পত্নী হিচাপে দেশখনৰ প্ৰথম নাৰী হিচাপে 1947ৰ পৰা 1951 চনলৈ ৰাজ কৰিছিল ৷ বেগম ৰেইনা লিয়াকত আলী খান হিচাপে জনাজাত আইৰিনে তেওঁৰ সেৱাৰ বাবে নিশান-ই-ইমতিয়াজ আৰু পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান মাদাৰ-ই-ৱতন খিতাপ লাভ কৰিছিল ৷

UNMIX: Sheila Irene Pant: Daughter of Almora who became 'Madar-e-Watan' of Pakistan
লিয়াকত আলী খানৰ সৈতে শেইলা আইৰিন পন্ট

ডেনিয়েল পন্টৰ কন্যা শেইলাই 1905 চনৰ 13 ফেব্ৰুৱাৰীত আলমোৰাত জন্মগ্ৰহণ কৰিছিল ৷ শেইলা আইৰিনৰ আজোককাই 1887 চনত খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল ৷ আইৰিনে তেওঁ প্ৰাথমিক শিক্ষা আলমোৰা আৰু নাইনিতালত সমাপ্ত কৰিছিল আৰু পৰৱৰ্তী সময়ত লক্ষ্ণৌত লৈ লালবাগ স্কুলত মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল ৷ শেইলা আইৰিনে অৰ্থশাস্ত্ৰ আৰু ধৰ্মীয় শিক্ষাত লক্ষ্ণৌৰ ইছাবেলা থৌবাৰ্ণ কলেজৰ পৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল ৷ বৰ্তমানে আলমোৰাৰ মেঠোদিষ্ট চাৰ্চে তেওঁৰ পৈত্ৰিক ঘৰখন চোৱাচিতা কৰাৰ লগতে তেওঁৰ ভাতৃ নৰ্মান পন্টৰ বোৱাৰী মিৰা পন্ট আৰু আজোনাতি ৰাহুল পন্টে তাত বাস কৰে ৷শেইলা আইৰিনৰ বিষয়ে উল্লেখ কৰি ৰাহুলে উল্লেখ কৰে যে, যদিও আইৰিনে বিবাহৰ পিচত আলমোৰা ভ্ৰমণ কৰা নাছিল তথাপিও ইৰেনে ভাতৃ নৰ্মানক নিয়মীয়াকৈ পত্ৰ লিখিছিল ৷

শেইলা আইৰিন পন্টঃ মাদাৰ-ই-ৱতন

লিয়াকত আলী খানৰ সৈতে শেইলা আইৰিনৰ প্ৰথম পৰিচয়ৰ কথা ক'বলৈ গৈ তেওঁৰ পৰিয়ালে জানিবলৈ দিয়ে যে, সেই সময়ত বানপীড়িত বিহাৰৰ লোকসকলৰ সহায়ৰ বাবে তেওঁলোকে এক চেৰিটি শ্বোৰ আয়োজন কৰিছিল আৰু কলেজত পঢ়ি থকা সময়ত শ্বোৰ টিকট বিক্ৰী কৰিবলৈ গৈ লক্ষ্ণৌ সচিবালয় পাইছিল শেইলা আইৰিন ৷ প্ৰথমে লিয়াকতে টিকট ক্ৰয় কৰিবলৈ বিচৰা নাছিল যদিও আইৰিনৰ অনুৰোধত মান্তি হৈছিল ৷ লিয়াকতে দুটা টিকট ক্ৰয় কৰিছিল কিন্তু শ্বো চাবলৈ যাবলৈ তেওঁৰ কোনো লগ নথকাত আইৰিনে তেওঁৰ সৈতে নিজেই গৈছিল ৷ প্ৰায় ডেৰবছৰ সময় ধৰি আইৰিনে দিল্লীৰ ইন্দ্ৰপ্ৰস্থ কলেজৰ অধ্যাপক হিচাপে কাম কৰিছিল ৷ লিয়াকত উত্তৰ প্ৰদেশ বিধানসভাৰ উপ-সভাপতি নিৰ্বাচিত হোৱাৰ বিষয়ে জানিব পাৰি তেওঁলৈ পত্ৰ লিখি শুভেচ্ছা জনাইছিল আইৰিনে ৷ এই পত্ৰৰ উত্তৰত লিয়াকতে আইৰিনেক চাহৰ অনুৰোধ কৰিছিল আৰু কৌন্নট পেলেচৰ বিখ্যাত ৱেনগাৰ ৰেষ্টুৰেন্টত দুয়ো দুয়োকে লগ ধৰিছিল ৷ কেইবাবাৰো মিলিত হোৱাৰ অন্তত তেওঁলোকৰ সম্পৰ্ক গাঢ় হৈছিল আৰু দুয়োৱে বিবাহৰ দ্বাৰা নিজৰ সম্পৰ্ক স্থায়ী কৰিছিল ৷ পৰৱৰ্তী সময়ত লিয়াকত আলী খান পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল ৷ 1933 চনৰ 16 এপ্ৰিলত ইৰেনৰ সৈতে দিল্লীৰ বিলাসী মেন্দেজ হোটেলত বিয়াত বহিছিল লিয়াকত,যিখন হোটেল এতিয়া অবেৰয় মেন্দেজ হিচাপে জনাজাত আৰু ইয়াক 1994 চনত ঐতিহ্যপূৰ্ণ হোটেল আখ্যা দিয়া হয় ৷ বিয়াৰ পিচতেই আইৰিনে ইছলামলৈ ধৰ্মান্তৰিত হয় আৰু নিজৰ নাম ৰাখে গুল-ই-ৰেইনা ৷

দুই পুত্ৰৰ সৈতে আইৰিন পন্ট আৰু লিয়াকত আলী খান

1947 চনৰ আগষ্টত আইৰিনে তেওঁৰ স্বামী আৰু দুগৰাকী পুত্ৰ আশ্ৰফ আৰু আকবৰৰ সৈতে দিল্লীৰ পৰা কৰাচীলৈ বুলি উৰা মাৰে আৰু পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী হয় লিয়াকত আলী খান ৷ লিয়াকতে আইৰিনক তেওঁৰ মন্ত্ৰীসভাত সংখ্য়ালঘু আৰু মহিলা দপ্তৰৰ দায়িত্বভাৰ প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত 1951 চনৰ 16 অক্টোৱৰত লিয়াকত আলী খানৰ হত্যা হয় ৷ ইয়াৰ পিচত আইৰিনে পাকিস্তানতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ পৰাই মহিলা আৰু ৰক্ষণশীল সমাজৰ বিষয়ে নিজৰ মাত মাতিবলৈ আৰম্ভ কৰে ৷ তেওঁ জেন. জিয়া-উল-হকে আৰোপ কৰা ইছলামিক আইনৰো তীব্ৰ বিৰোধিতা কৰিছিল ৷ জুলফিকৰ আলী ভুট্টোৰ ফাঁচীৰ পিচতে আইৰিনে পাকিস্তানৰ সামৰিক শাসনৰ বিৰুদ্ধেও প্ৰতিবাদ কৰে ৷

লিয়াকত আলী খান এখন সভাত

পৰৱৰ্তী সময়ত তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে হলেণ্ড আৰু ইটালীত কৰ্মৰত হৈছিল ৷ তেওঁৰ 85 বছৰীয়া জীৱনকালৰ 43 বছৰ তেওঁ ভাৰতত কটোৱাৰ লগতে সমান্তৰাল বৰ্ষ পাকিস্তানত কটাইছিল ৷ স্বাধীনতাৰ পিচত তেওঁ তিনিবাৰ ভাৰত ভ্ৰমণ কৰিছিল যদিও কেতিয়াও আলমোৰালৈ যোৱা নাছিল ৷

স্বামীক প্ৰতি মূহুৰ্ততে সংগ দিছিল আইৰিনে

জীৱন কৃত্বিত্ব : আইৰিনে পাকিস্তানৰ মাদাৰ-ই-ৱতন সন্মান লাভ কৰিছিল ৷ জুলফিকৰ আলী ভুট্টোৱে তেওঁক কেবিনেট মন্ত্ৰী বনাইছিল ৷ সিন্ধ প্ৰদেশৰ গৱৰ্ণৰ আছিল তেওঁ ৷ তেওঁ আছিল কৰাচী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য ৷ পাকিস্তানৰ দূত হিচাপে তেওঁ নেদাৰলেণ্ডছ,ইটালী আৰু তুনিছিয়াতো কৰ্মৰত আছিল ৷

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বঁটা (United Nations Human Rights Award)

অৰ্থশাস্ত্ৰ সন্মানীয় ডক্টৰেট (Honorary doctorate in Economics)

ইটালী চৰকাৰৰ Knight Grand Cross of the Order of Merit সন্মান (Knight Grand Cross of the Order of Merit of the Italian Republic)

তুৰ্কিছ মহিলা সংস্থাৰ (Woman of the World) বঁটা (Woman of the World, Turkish Women's Association)

অৰেঞ্জ নাছাউৰ গ্ৰেণ্ড ক্ৰছ (Grand Cross of Orange Nassau)

নিছান-ই-ইমতিয়াজ (Nishan-i-Imtiaz)

পাকিস্তানৰ মাতৃ (Mother of Pakistan)

জেন আদামছ মেডেল (Jane Addams Medal)

মহিলা অছিভমেন্ট মেডেল (Woman of Achievement Medal)

লগতে চাওকঃ বন্দে ভাৰত মিছনঃ কুৱেইটত আবদ্ধ ১৮৯ গৰাকী ব্যক্তি উপস্থিত ভাৰতত

Last Updated : Jun 30, 2020, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.