ETV Bharat / bharat

জনা-নজনা: গাত থু পেলাই সন্মান জনায় এওঁলোকে !

পূব আফ্ৰিকাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল মাছাই জনজাতি ৷ গাত থু পেলাই তেওঁলোকে সন্মান জনায় ইজনে সিজনক ৷ শুভেচ্ছা জ্ঞাপন কৰিবলৈয়ো তেওঁলোকে মানুহৰ গাত থু ছটিয়ায় ৷ কিন্তু কিয় ?

জনা-নজনা: গাত থু পেলাই সন্মান জনায় এওঁলোকে !
জনা-নজনা: গাত থু পেলাই সন্মান জনায় এওঁলোকে !
author img

By

Published : Sep 10, 2020, 7:44 PM IST

নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ: সন্মান জনোৱাৰ বাবে এই ঠাইত মানুহৰ গাত ছটিওৱা হয় থু ৷ এনে আচৰণ কোন দেশৰ লোকে কৰে ? বৰঞ্চ পৃথিৱীৰ সহৰভাগ দেশৰ লোকৰ মতে, গাত থু পেলোৱাটো হৈছে অতিকৈ সন্মান হানিৰ বিষয় ৷ ঘৰত সৰুৰে পৰাই শিকোৱা হয় বাটে-পথে য'তে-ত'তে থু পেলাব নালাগে ৷ মহামাৰীৰ পৰিস্থিতিতটো এই ক্ষেত্ৰত আৰু অধিক সতৰ্ক হোৱা প্ৰয়োজন ৷ কিন্তু পৃথিৱীত এনে এখনো দেশ আছে য'ত কোনো লোকক শুভেচ্ছা জনাবলৈয়ো গাত থু ছটিওৱা হয় ৷

টানজানিয়া অৰ্থাৎ কেনিয়াৰ মাছাই জনজাতিৰ লোক তেওঁলোক ৷ যদিও সম্প্ৰতি কেৱল কাজিয়োডো আৰু নাৰোক জিলাতহে তেওঁলোকৰ বসতি আছে বুলি জানিব পৰা গৈছে ৷ পূব আফ্ৰিকাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল মাছাই জনজাতি ৷ আফ্ৰিকাৰ সেই জনজাতি কেৱল তেওঁলোকৰ পুৰণিকলীয়া ৰীতি-নীতিৰ বা সংস্কৃতিৰ বাবেই জনপ্ৰিয় ৷

মাছাই জনজাতীয় লোকৰ বাবে গাত থু পেলোৱাতো কোনো ধৰণৰ সন্মানহানিৰ কাম নহয় ৷ বৰং শুভ অনুষ্ঠান বা কোনো লোকক শুভেচ্ছা জনোৱাৰ বাবে তেনে ৰীতি পালন কৰে তেওঁলোকে ৷ দশকৰ পাচত দশক ধৰি তেওঁলোকে পালন কৰি আহিছে সেই ৰীতি ৷

কোনো লোকৰ সৈতে হাত মিলোৱাৰ সময়তো তেওঁলোকে হাতৰ তলুৱাত থু লগাই লয় ৷ কোনো বন্ধুক বিদায় জনোৱাৰ সময়তো তেওঁলোকৰ গাত থু পেলোৱা হয় ৷ আশীৰ্বাদৰ প্ৰতীক হিচাপে তেওঁলোকে মানি আহিছে সেই ৰীতি ৷ আনকি নৱ জাতকক আশীৰ্বাদ কৰাৰ বাবেও পৰিয়ালৰ লোকে নৱজাকতৰ গাত থু ছটিয়ায় ৷

কিয় এনে অদ্ভুত ৰীতি পালন কৰে তেওঁলোকে ? তেওঁলোকৰ পূৰ্ব প্ৰজন্মই হয়তো জানিছিল সেই কথা ৷ কিন্তু বৰ্তমান প্ৰজন্মৰ কোনো লোকেই নাজানে এই নিয়মৰ আঁৰৰ কাৰণ ৷

লগতে পঢ়ক: আজৱ: নৰমুণ্ড চিকাৰীৰে ভৰা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.