ETV Bharat / bharat

আজৱ: নিজেই কাটে নিজৰ হাতৰ আঙুলি - দানি জনজাতি

নিজৰ আঙুলি কাটিবলৈ ভয় নকৰা এটা জনজাতিৰ মহিলা ৷ আনকি নিজৰ শিশুৰ আঙুলিও কাটে এই জনজাতিৰ মহিলা সকলে ৷ কিন্তু কিয় ? কোন জনজাতিৰ মহিলাৰ মাজত প্ৰচলিত এই নিয়ম ?

নিজেই কাাটে নিজৰ হাতৰ আঙুলি
নিজেই কাাটে নিজৰ হাতৰ আঙুলি
author img

By

Published : Sep 3, 2020, 4:27 PM IST

নিউজ ডেস্ক, 3 চেপ্তেম্বৰ: এই গাঁৱৰ বহু বৃদ্ধাৰ হাতৰ একাধিক আঙুলিৰ আগভাগ কটা ৷ প্ৰথমবাৰৰ বাবে দেখিলে নিশ্চয় সকলোৱে ভয় খাব ৷ এইখিনিতে মনত এটা প্ৰশ্নৰ উদয় হয়, কিয় তেওঁলোকে নিজৰেই হাতৰ আঙুলি কাটিছে ? নে জন্মলগ্নৰ পৰাই এনেদৰে অসম্পূৰ্ণ আঙুলি লয়েই জন্ম হয় তেওঁলোকৰ ?

আমাৰ আত্মীয় লোকৰ মৃত্যু হ'লে আমাৰ মনত যন্ত্ৰণাৰ উন্মেষ ঘটে ৷ মানসিক যন্ত্ৰাণাৰ ৷ কিন্তু ইন্দোনেছিয়াৰ দানি জনজাতিৰ মহিলাসকলৰ যদি কোনো আত্মীয় লোকৰ মৃত্যু হয় তেতিয়া তেওঁলোকে কেৱল মানসিক যন্ত্ৰণাই নহয়, শাৰীৰিক যন্ত্ৰণাও গাত পাতি লয় ৷ মৃতকৰ আত্মাৰ শান্তি কামনাৰে তেওঁলোকে কাটি পেলায় নিজৰ আঙুলিৰ ওপৰৰ অংশ ৷

কিন্তু কিয় এনে যন্ত্ৰণাদায়ক নিয়ম পালন কৰে তেওঁলোকে ৷ বিশ্বাস ৷ কেৱল বিশ্বাসৰ বাবেই এনে নীতি-নিয়ম দীৰ্ঘদিনৰ পৰা পালন কৰি আহিছে দানি জনজাতিৰ মহিলা সকলে ৷ আত্মীয়ৰ আত্মাৰ শান্তিৰ বাবেই তেওঁলোকে দীৰ্ঘদিনৰ পৰা এনে যন্ত্ৰণাদায়ক ৰীতি পালন কৰি আহিছে ৷ আনকি বহু কণমানি শিশুৰ আঙুলিও কাটি পেলায় সিহঁতৰ মাতৃয়ে ৷

আঙুলি কটা এই ৰীতিৰ নাম হৈছে ইকিপালিন ৷ বহু বছৰ পূৰ্বে ইন্দোনেছিয়া চৰকাৰৰ তৰফৰ পৰা নিষিদ্ধ কৰা হৈছিল এই নিয়ম ৷ কিন্তু গোপনে গোপনে আজিও প্ৰচলিত হৈ আছে এই নিয়ম ৷

কেতিয়াবা ধাৰ থকা শিলেৰে আৰু কেতিয়াবা চোকা অস্ত্ৰ ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ আঙুলিবোৰ কাটে ৷ আঙুলিৰ চাৰিওকাশে সূতা বান্ধি ৰক্ত সঞ্চালন বন্ধ কৰি দিয়া হয় ৷ অক্সিজেনৰ অভাৱত মৃত্যু হয় স্নায়ুৰ ৷ তাৰ পাচতেই তেওঁলোকে কাটি পেলায় আঙুলি ৷ শিশুৰ আঙুলিও কাটি নিয়ে তেওঁলোকৰ মাতৃয়ে ৷ তেওঁলোকৰ বিশ্বাস, এনে কৰিলে তেওঁলোকৰ শিশু দীৰ্ঘায়ু হয় ৷

লগতে পঢ়ক: আজৱ: শিলত বুকুত শুনিবলৈ পোৱা যায় সুৰৰ ঝংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.