নিউজ ডেস্ক, 1 অক্টোবৰ : ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ অধিক শতকৰ স্বত্বাধিকাৰী হৈছে শচীন তেণ্ডুলকাৰ ৷ এই বিষয়ে সকলোৱেই অৱগত ৷ কিন্তু বিশ্ব ক্ৰিকেটৰ ইতিহাসত নথিভুক্ত প্ৰথমটো শতকৰ স্বত্বাধিকাৰী কোন আপুনি জানেনে ?
ইয়াৰ উত্তৰ বিচাৰি আমি যাব লাগিব 250 বছৰ পিচলৈ ৷ সেই দিনটো আছিল 1769 চনৰ 31 আগষ্ট ৷ খেলখন হৈছিল ডিউক অৱ ড'ৰচেটছ্ আৰু বোথামেৰ মাজত ৷ সেই মেচত 107 ৰাণেৰে এক দুৰ্দান্ত ইনিংছ খেলিছিল জন মিনশ্বাল নামৰ বেটছ্মেন এগৰাকীয়ে ৷ বহু লোকে অৱশ্যে জন মিনশ্বালৰ শতকক প্ৰথমটো শতক বুলি মানিবলৈ প্ৰস্তুত নহয় ৷ অধিকাংশৰ মতে, জন স্মল হৈছে প্ৰথমগৰাকী যিয়ে ডাঙৰ খেলত শতক কৰিবলৈ সক্ষম হৈছিল ৷ জন স্মলে হেম্পশ্বায়াৰৰ হৈ 136 ৰাণ অৰ্জন কৰিছিল ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰা গৰাকী এওঁলোকৰ ভিতৰত এগৰাকীও নহয় ৷ তেন্তে কোন তেওঁ ?
সেই সৌভাগ্যবান খেলুৱৈ গৰাকী নাম হৈছে চাৰ্লছ বেনৰমেন ৷ অষ্ট্ৰেলিয়াৰ বেটছ্মেন ৷ সেইবাৰ অষ্ট্ৰেলিয়াই খেলিছিল ইংলেণ্ডৰ বিৰুদ্ধে ৷ 1877 চনৰ 15-19 মাৰ্চ পৰ্যন্ত চলা টেষ্টৰ প্ৰথমটো ইনিংছত 165 ৰাণ কৰিছিল তেওঁ ৷ টেষ্টৰ কথা জনাৰ পাচকে মনত ভুমুকি মাৰিছে আন এক প্ৰশ্নই ৷ ৱান ডে ক্ৰিকেটৰ প্ৰথমগৰাকী শতক অৰ্জন কৰা খেলুৱৈ কোন ?
1972 চনৰ 28 আগষ্টৰ ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া মেচ ৷ সেই মেচত শতৰাণ অৰ্জম কৰিছিল ডেনিছ এমিছে ৷ 103 ৰাণ কৰি ক্ৰিকেটৰ ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিছে ক্ৰিকেটাৰ গৰাকীয়ে ৷ কিন্তু ক্ৰিকেটৰ ইতিহাসক লৈ যেতিয়াই কথা হৈছে তেতিয়াই আন এগৰাকী লোকৰ নামো সাঙুৰ খাইছে ৷
যেনেকৈ শচীন তেণ্ডুকাৰ বিশ্ব ক্ৰিকেচৰ আটাইতকৈ অধিক শতকৰ স্বত্বাধিকাৰী তেনেকৈ ডাব্লিউ জি গ্ৰেস হৈছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰথমগৰাকী শতাধিক শতক অৰ্জন কৰা খেলুৱৈ ৷ তেওঁ সমগ্ৰ খেল জীৱনতে অৰ্জন কৰিছে 124 টা শতক ৷ যদিও পৰৱৰ্তী সময়ত সেই অভিলেখ জেক হব্ছে ভংগ কৰিছিল ৷
লগতে পঢ়ক: জনা-নজনা: বধিৰ লোকেৰে ভৰা এখন গাঁও