ETV Bharat / bharat

বিসম্বাদী বিধায়ক সকলো আহিব লাগিব সদনৰ অধিবেশনলৈ : অশোক গেহলট

author img

By

Published : Jul 31, 2020, 12:15 PM IST

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ গুৰুত্বপূৰ্ণ মন্তব্য, অসন্তুষ্ট বিধায়ক সকলো যিহেতু কংগ্ৰেছৰ চিহ্নত নিৰ্বাচিত হৈছে, গতিকে সদনলৈ আহিবই লাগিব ৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখন ভঙাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ চলাই আছে ৷

Rajasthan assembly session
Rajasthan assembly session

নিউজ ডেস্ক, 31 জুলাই : ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে মংগলবাৰে দৃঢ়তাৰে প্ৰকাশ কৰে যে, তেওঁৰ চৰকাৰে ৰাজ্যখনত সম্পূৰ্ণ কাৰ্যকালৰ বাবে শাসন চলাব ৷ দলৰ অসন্তুষ্ট বিধায়ক সকলো যিহেতু কংগ্ৰেছৰ চিহ্নত নিৰ্বাচিত হৈছে, গতিকে সদনলৈ আহিবই লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গেহলটে ৷

ৰাজস্থানৰ ৰাজনৈতিক সংঘাতক লৈ বহুজন সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে কৰা মন্তব্যক ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী গেহলটে ৷ ইয়াৰ লগতে তেওঁ অভিযোগ তোলে যে, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখন ভঙাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ চলাই আছে ৷

গেহলটে কয় যে, বিসম্বাদী বিধায়ক সকলেও অহা মাহত অনুষ্ঠিত হ'ব লগীয়া সদনৰ অধিবেশনত অংশ ল'ব লাগিব ৷ তাৰোপৰি উপমুখ্যমন্ত্ৰী শচীন পাইলটৰ সমৰ্থনকাৰী বিধায়কসকলৰ বিৰুদ্ধে এটা তদন্ত কৰা হৈছিল আৰু তেওঁলোকে বিজেপিৰ বোকোচাত উঠি খেলি আছে ৷

মুখ্যমন্ত্ৰী গেহলটে কয় যে, "অসন্তুষ্ট বিধায়ক সকলো যিহেতু কংগ্ৰেছৰ চিহ্নত নিৰ্বাচিত হৈছে, গতিকে সদনলৈ আহিবই লাগিব ৷ ৰাইজৰ সন্মুখত তেওঁলোকক চৰকাৰৰ সৈতে একেলগে ঠিয় কৰোৱাতো মোৰ দায়িত্ব ’’ ৷

ইয়াৰ লগতে অশোক গেহলটে কয়, "দুৰ্ভাগ্যজনকভাৱে আমাৰ সতীৰ্থ সকল হাৰিয়ানা পৰা আহিব খোজা নাই ৷ তেওঁলোকে বিজেপিৰ বোকোচাত উঠি খেলা খেলিছে ৷ হাৰিয়ানা আৰক্ষীৰ আবেষ্টনীৰ মাজত তেওঁলোক আছে ৷ তাৰ পাচত আকৌ তেওঁলোকে নিজকে কংগ্ৰেছৰ বিদায়ক বুলি দাবী কৰে ৷ কেনেকৈ তেওঁলোকে নিজকে কংগ্ৰেছৰ সদস্য বুলি ক'ব পাৰে ? এই ক্ষেত্ৰত মই সহমত প্ৰকাশ কৰিব নোৱাৰোঁ " ৷

বিসম্বাদী বিধায়কো আহিব লাগিব সদনৰ অধিবেশনলৈ

চৰকাৰৰ বিৰুদ্ধে যদি তেওঁলোকৰ কিবা ক্ষোভ আছে তেন্তে দিল্লীৰ 24 আকবৰ ৰোডত থকা ভাৰতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ যাব পাৰে ৷ চৰকাৰ পতনৰ বাবে এই ষড়যন্ত্ৰত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট জড়িত থকাৰ অভিযোগ তুলি "সমগ্ৰ খেলখন বিজেপিৰ নেতৃত্বত খেলা হৈছে " বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এগৰাকী কংগ্ৰেছ নেতাৰ নাম উল্লেখ নকৰাকৈয়ে গেহলটে কয় যে, "তেওঁলোকৰ উদ্দেশ্য সকলোৱে জানে ৷ তেওঁলোকে কয় যে তেওঁলোক বিজেপিলৈ যোৱা নাই ৷ যদি বিজেপি লৈ যোৱা নাই, তেন্তে তেওঁলোকে নিজাকৈ তৃতীয় মৰ্চা গঠন কৰিছে ৷ ইয়াৰ অৰ্থ স্বেচ্ছাসেৱী হিচাপেহে তেওঁলোক কংগ্ৰেছত আছে ৷ এইসকল নেতা দিল্লী লৈ গৈছিল আৰু সেই কথা সোধাত মিছা মাতিছিল ৷ আমি তেওঁলোকৰ সকলো তথ্য ফাদিল কৰিম " ৷

অশোক গেহলটে অভিযোগ কৰা অনুসৰি হৰ্শ্ব ট্ৰেডিঙৰ মূল্য 35 লাখৰ পৰা 50 লাখলৈকে বৃদ্ধি পাইছে ৷ "হৰ্শ্ব ট্ৰেডিং সংঘটিত হোৱাৰ কথা সকলোৱে জানে ৷ কিন্তু ই আমাক একো ক্ষতি কৰিব নোৱাৰে ৷ আমি আমাৰ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিম ", এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৷

গেহলটৰ অনুৰোধ মৰ্মে ৰাজ্যপালে সদন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়াত আনন্দিত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে মায়াৱতীয়ে বিজেপিৰ চাপত পৰিহে ৰাজনৈতিক সংঘাত সন্দৰ্ভত মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে গেহলটে ৷ তেওঁ কয় যে, "মায়াৱতীৰ অভিযোগ যুক্তিসংগত নহয় কাৰণ বহুজন সমাজবাদী পাৰ্টীৰ ছজনকৈ বিধায়ক আমাৰ সৈতে আছে ৷ মায়াৱতীয়ে বিজেপিৰ চাপতহে মন্তব্য কৰিছে "৷ কেন্দ্ৰই ই ডি, আয়কৰ বিভাগ আৰু চিবিআই ব্যৱহাৰ কৰাৰ উপৰিও মায়াৱতীক এনে মন্তব্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে বুলি উল্লেখ কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

লগতে পঢ়ক : চাচনীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.