নিউজ ডেস্ক, 15 জুনঃ ইউনিচেফে কয় যে, সমগ্ৰ বিশ্বতে 1.2 বিলিয়ন শিশু COVID-19 মহামাৰীৰ বাবে বিদ্যালয়ৰ পৰা বিৰত থাকিবলগীয়া হৈছে আৰু ই বিশ্বত শিক্ষাৰ ক্ষেত্ৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷ যদিও অনলাইন পাঠ্যক্ৰম প্ৰদান কৰি থকা হৈছে যদিও, শিশুসকলৰ শিক্ষণ সঁজুলি আৰু প্ৰযুক্তিবিদ্যাৰ সম ব্যৱহাৰ নিশ্চিত কৰিব পৰা হোৱা নাই, ইউনিচেফৰ শিক্ষা বিভাগৰ বিষয়া ৰবাৰ্ট জেনকিন্সে কয় ৷ জেনকিন্সে লগতে কয় যে, শিশুসকল ঘৰত থকা অৱস্থাত সীমিত শিক্ষণ সঁজুলিৰ ব্যৱহাৰ কৰিব পাৰে ৷
COVID-19ৰ সংক্ৰমণৰ পূৰ্বৰে পৰাই শিক্ষাৰ ক্ষেত্ৰত ভিন্ন অসুবিধা আছিল যদিও, সাম্প্ৰতিক পৰিস্থিতিত সেই অসুবিধা সমূহ অধিক গভীৰ হৈ পৰিছে ৷
ইউনিচেফৰ তথ্য অনুসৰি, বিশ্বৰ 71 খন দেশৰ আধা সংখ্যক নাগৰিকৰহে ইন্টাৰনেট ব্যৱহাৰ কৰিব পৰা সুবিধা আছে ৷ বিশ্ব 127 খন দেশৰ মাত্ৰ এক তৃতীয়াংশইহে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা আৰম্ভ কৰিছে ৷ বিশ্বৰ 4 খন দেশৰ ভিতৰত মাত্ৰ 3 খনৰ চৰকাৰেহে টেলিভিচনক দূৰ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে ৷
আনহাতে 88 খন দেশৰ মাত্ৰ 40 খনত কেৱল চহৰ অঞ্চলৰ লোকৰ ঘৰতহে টেলিভিচন আছে, যিয়ে দূৰ শিক্ষণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে ৷
ইয়াৰোপৰি বিজুলী এতিয়াও বহু দেশৰ বাবে এক ডাঙৰ সমস্যা ৷ 28 খন দেশৰ মাত্ৰ 65 শতাংশ লোকৰ ঘৰতহে বিজুলী সংযোগ আছে ৷ এই 65 শতাংশৰ 98 শতাংশই হ'ল আঢ্যৱন্ত পৰিয়াল সমূহ ৷
লগতে পঢ়কঃ ট্ৰাম্পৰ নিক্সন সদৃশ কৌশল—প্ৰতিবাদৰ মাজত আইন শৃংখলাৰ ইছ্যু