নিউজ ডেস্ক, ১৩ জুনঃ জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ নিপোৰা অঞ্চলত শুকুৰবাৰে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষৰ নিহত হয় দুজন অজ্ঞাত সন্ত্ৰাসবাদী । কাশ্মীৰ আৰক্ষী আৰু সেনা বাহিনীৰ যৌথ অভিযানত সন্ত্ৰাসবাদী দুটা নিহত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
উল্লেখ্য যে, জম্মু-কাশ্মীৰত সেনা বাহিনীৰ সৈতে বিগত ১ এপ্ৰিলৰ পৰা ১০ জুনৰ ভিতৰত হোৱ সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত মুঠ ৬৮ জন সন্ত্ৰাসবাদী নিহত হয় বুলি সদৰি কৰে আৰক্ষীয়ে ।
যি সময়ত সমগ্ৰ বিশ্ব মহামাৰী COVID-19ৰ প্ৰতিৰোধ কৰিবলৈ চলা লক ডাউনত সাধৰণ জনতা ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছে সেই সময়ত সেনা বাহিনীৰ হাতত নিহত হয় সন্ত্ৰাসবাদী । আনহাতে, চলিত বৰ্ষতে সেনা আৰক্ষীয়ে হিজবুল মুজাহিদ্দীনৰ ৩৫ সন্ত্ৰাসবাদী নিহত কৰে বুলি উল্লেখ কৰে ।