নিউজ ডেস্ক,১২ আগষ্ট: উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান এচ চি অৱস্থিয়ে জানিবলৈ দিয়া মতে, ৰাজ্যখনৰ বিজেপি দলৰ প্ৰাক্তন জিলা সভাপতি সঞ্জয় খোখাৰৰ হত্যাকাণ্ডৰ লগত জড়িত দুজন লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ।
ছপৰৌলী অঞ্চলত প্ৰাত: ভ্ৰমণলৈ ওলাই যোৱা সঞ্জয় খোখাৰক মঙ্গলবাৰে অজ্ঞাত আততায়ীয়ে গুলিয়াই হত্যা কৰিছিল ।
ঘটনা সন্দৰ্ভত ৰুজু কৰা গোচৰ অনুসৰি ২০২০ চনৰে এটা ঘটনাক কেন্দ্ৰ কৰি হোৱা ব্যক্তিগত শত্ৰুতাৰ ফলতেই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে আটকাধীন দুই অভিযুক্তক আৰক্ষীয়ে জিম্মাত লৈ চলাইছে জেৰা ।
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়া মতে, হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত বাকী অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে চলাই আছে অভিযান ।
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ মতে, স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বিষয়টোক গুৰুত্ব দিয়া হ'লে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ'বলৈ নাপালে হেঁতেন । ইতিমধ্যে ছপৰৌলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক নিলন্বন কৰা হৈছে ।
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ভাষ্যৰ পূৰ্বে মংগলবাৰে বাঘপথ জিলাৰ আৰক্ষী অধীক্ষক অজয় কুমাৰে জানিবলৈ দিয়া মতে, আততায়ীয়ে সঞ্জয় খোখাৰক বুকু আৰু মুৰত গুলিয়াই হত্যা কৰিছিল । আৰক্ষী অধীক্ষক গৰাকীৰ মতে, মংঙলবাৰে পুৱা ছপৰৌলী অঞ্চলত প্ৰাত: ভ্ৰমণলৈ ওলাই যোৱা সঞ্জয় খোখাৰক অজ্ঞাত আততায়ীয়ে গুলিয়াই হত্যা কৰিছিল । বুকু আৰু মুৰত গুলিয়াই হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল । ইতিমধ্যে গঠণ কৰি দিয়া এটা দলে অভিযান আৰম্ভ কৰিছে । প্ৰাৰম্ভিক তদন্তত পুৰণি কোনো ব্যক্তিগত শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে ।