ETV Bharat / bharat

আৰক্ষীৰ এনকাউন্টাৰত নিহত কানপুৰ কাণ্ডৰ দুই অপৰাধী

author img

By

Published : Jul 4, 2020, 12:56 PM IST

আৰক্ষীৰ হাতত নিহত হ'ল কানপুৰ এনকাউন্টাৰৰ সৈতে জড়িত দুই অপৰাধী ৷ বিকাশ ডুবেৰ শুংসূত্ৰ দিব পৰা লোকলৈ 50,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে কানপুৰৰ আৰক্ষী মহাপৰিদৰ্শক মোহিত আগৰৱালাই ৷

আৰক্ষীৰ এনকাউন্টাৰত নিহত কানপুৰ কাণ্ডৰ দুই অপৰাধী
আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) জ্যোতি নাৰায়ন আৰু কানপুৰ কাণ্ডৰ মূল অপৰাধী বিকাশ ডুবে

নেশ্যনেল ডেস্ক, 4 জুলাই : আৰক্ষীৰ হাতত নিহত হ'ল কানপুৰ এনকাউন্টাৰৰ সৈতে জড়িত দুই অপৰাধী ৷ শুকুৰবাৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা প্ৰকাশ কৰে ৷

এক সংবাদমেলত উত্তৰ প্ৰদেশৰ আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) জ্যোতি নাৰায়নে কয় যে, মৃত অপৰাধী দুটা কানপুৰ জিলাৰ বিকাৰু গাঁৱৰ বাসিন্দা ৷ দুই অপৰাধীৰ নাম-প্ৰেম প্ৰকাশ আৰু অতুল কুমাৰ ৷ ইয়াৰোপৰি, ঘটনাৰ মূল অভিযুক্ত বিকাশ ডুবেক বিচাৰি আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী চলায় ৷

বিকাশ ডুবেৰ শুংসূত্ৰ দিব পৰা লোকলৈ 50,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে কানপুৰৰ আৰক্ষী মহাপৰিদৰ্শক মোহিত আগৰৱালাই ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এনকাউন্টাৰত নিহত আৰক্ষী জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়াললৈ 1 কোটিকৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা আৰক্ষী আৰু অপৰাধী বিকাশ ডুবেৰ দলৰ মাজত হোৱা গুলীয়াগুলিত 8 জনকৈ আৰক্ষী জোৱানে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল বহুকেইজন ৷

লগতে পঢ়ক : কানপুৰত তালাচী অভিযানত যোৱা 8 আৰক্ষী জোৱানক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.