নিউজ ডেস্ক, 6 এপ্ৰিলঃ আইন-শৃংখলা ভংগ কৰাৰ উদ্দেশ্যে সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰি জম্মু-কাশ্মীৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় দুজন লোক ৷ শ্ৰীনগৰস্থিত চাইবাৰ পুলিচ ষ্টেচনে এই সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিতে এইদৰে গ্ৰেপ্তাৰ কৰা হয় লোকদুজন ৷ জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপযোগে দেশৰ বিৰুদ্ধে কাম কৰিবলৈ যুৱপ্ৰজন্মক আহ্বান জনাই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যৰ ফটো আৰু অন্যান্য আপত্তিজনক মন্তব্য প্ৰচাৰ কৰিছিল লোকদুজনে ৷ ইতিমধ্যে লোকদুজনক চিনাক্ত কৰা হৈছে আৰু নিৰাপত্তাজনিত কাৰণত লোকদুজনৰ চিনাকী ৰাজহুৱা কৰা হোৱা নাই বুলি মন্তব্য কৰাৰ লগতে দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত কাশ্মীৰৰ শ্ৰীনগৰ চাইবাৰ পুলিচ ষ্টেচনত গোচৰ ৰুজু কৰা হৈছে আৰু অনুসন্ধান অব্যাহত আছে ৷ আনহাতে আৰক্ষীয়ে মুখপাত্ৰগৰাকীয়ে ছচিয়েল মিডিয়াত এইদৰে আপত্তিজনক আৰু ভুৱা তথ্য সম্প্ৰচাৰ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে কোনোবাই তেনেকুৱা কাম কৰিলে ততালিকে গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷