ETV Bharat / bharat

পৰ্যটকৰ অভাৱত মৰুভূমিলৈ পৰিৱৰ্তিত জম্মুৰ টিউলিপ বাগিছা - জম্মুৰ বিখ্যাত টিউলিপ গাৰ্ডেন

কোভিড-১৯ৰ ফলত দেশৰ পৰ্যটন খণ্ডত যথেষ্ট বেয়া প্ৰভাৱ পৰিলক্ষিত হৈছে । জম্মুৰ বিখ্যাত টিউলিপ গাৰ্ডেন সৌন্দৰ্যৰে ভৰি পৰিছে যদিও পৰ্যটকৰ অভাৱত সেয়া অৱহেলিত হৈ পৰি ৰৈছে ।

জম্মুৰ বিখ্যাত টিউলিপ গাৰ্ডেন
জম্মুৰ বিখ্যাত টিউলিপ গাৰ্ডেন
author img

By

Published : May 3, 2020, 5:14 PM IST

নিউজ ডেস্ক, ৩ মে' : কোভিড-১৯ৰ ফলত জাৰী কৰা লকডাউনে দেশৰ পৰ্যটন ক্ষেত্ৰত বেয়াকৈ প্ৰভাৱ পেলাইছে । বহু কোটি কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে ৰাজ্যিক তথা কেন্দ্ৰীয় পৰ্যটন বিভাগে ।

শাৰী শাৰীকৈ ফুলি ৰোৱা টিউলিপ
শাৰী শাৰীকৈ ফুলি ৰোৱা টিউলিপ

লকডাউনৰ মাজতে জম্মু-কাশ্মীৰৰ চানাচাৰস্থিত টিউলিপ গাৰ্ডেনত ৰঙা, হালধীয়া, বগা আদি মনোমোহা ৰঙেৰে সম্বৃদ্ধ টিউটিপসমূহ ফুলি উঠিছে । উধমপুৰত অৱস্থিত চানাচাৰ বেল্ট টিউলিপ বাগিছাৰ বাবে প্ৰখ্যাত আৰু বৰ্তমান সময়ত এই অঞ্চললৈ বহু পৰ্যটকৰ আগমণ ঘটে । কিন্তু এইবাৰ লকডাউনৰ ফলত টিউলিপৰ সৌন্দৰ্য উপভোগ কৰিবলৈ কোনো নাই । যাৰ বাবে এতিয়া একপ্ৰকাৰ উদং হৈ ৰৈছে টিউলিপ বাগিছাসমূহ ।

জম্মুৰ বিখ্যাত টিউলিপ গাৰ্ডেন

জম্মু-কাশ্মীৰৰ অন্যতম পৰ্যটক খণ্ডসমূহৰ ভিতৰত চানাচাৰৰ বিশেষ ভূমিকা আছে । উধমপুৰৰ পৰা জম্মুলৈ বিয়পি থকা এই চানাচাৰ বেল্টৰ সকলো লোক একমাত্ৰ পৰ্যটন খণ্ডৰ ওপৰতে নিৰ্ভৰশীল । যাৰ ফলত এইবাৰ লকডাউনৰ বাবে এইসকল লোকে বিশেষ অসুবিধাৰ সন্মুখীন হোৱাও পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.