ETV Bharat / bharat

ৰাজস্থানৰ বাৰমেৰ হাস্পতালত মৃতদেহৰ কাষত ৰোগীৰ চিকিৎসা

author img

By

Published : Jul 7, 2020, 9:34 AM IST

ৰাজস্থানৰ বাৰমেৰৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত এটি মৃতদেহ পৰিত্যক্ত অৱস্থাত থকা বুলি জানিবলৈ দিয়ে ৱাৰ্ডটোৰ অন্য ৰোগীসকলৰ আত্মীয়ই । লগতে ৱাৰ্ডটোত ঘণ্টাৰ পাচত ঘণ্টা ধৰি মৃতদেহটো পৰি থকা সময়ত ৱাৰ্ডটোৰ অন্য ৰোগীসকলৰ চিকিৎসা প্ৰদান কৰে বুলিও উল্লেখ কৰে ৰোগীৰ আত্মীয়ই ।

ৰাজস্থান
ৰাজস্থানৰ বাৰমেৰ হাস্পতালত মৃতদেহৰ কাষত ৰোগীৰ চিকিৎসা

নিউজ ডেস্ক, ৭ জুলাইঃ ৰাজস্থানৰ বাৰমেৰত অমানবীয় ঘটনা । বাৰমেৰৰ এখন চৰকাৰী হাস্পতালত ঘণ্টাৰ পাচত ঘণ্টা ধৰি পৰি থাকিল এজন ৰোগীৰ মৃতদেহ । তাৰোপৰি মৃতদেহটোৰ ওচৰত অন্য ৰোগীসকলৰ চিকিৎসা কৰি থাকে বুলি জনাই ৰোগীৰ আত্মীয়ই ।

খবৰ অনুসৰি, ২৪ বছৰীয়া ৰাজেশৰ স্বাস্থ্যৰ অৱনতি ঘটা পাচতে যুৱকজনক হাস্পতালৰ জৰুৰীকালীন সেৱাত ভৰ্তি কৰোৱা হয় । হাস্পতালত ভৰ্তি কৰোৱাৰ কিছু সময় পাচতে মৃত্যু হয় যুৱকজনৰ । আনহাতে, চিকিৎসা প্ৰদান কৰা বিচনাখনতে ঘণ্টাৰ পাচত ঘণ্টা ধৰি ৰখা হ'ল যুৱকজনৰ মৃতদেহ । যুৱকজনৰ মৃতদেহটো মাত্ৰ এখন পাতল কাপোৰেৰে ঢাকিয়ে ৱাৰ্ডত থকা অন্য ৰোগীসকলৰো চিকিৎসা কৰে বুলি জানিবলৈ দিয়ে ৰোগীৰ আত্মীয়সকলে ।

ঘটনা সন্দৰ্ভত বাৰমেৰৰ হাস্পতালৰ PMO বিএল মঞ্চুৰীয়ানে জানিবলৈ দিয়ে যে, মৃতদেহটো লৈ যাবৰ বাবে বাহন বিচাৰি নোপোৱাৰ কাৰণেই মাত্ৰ ১৫-২০ মিনিটৰ বাবে মৃতদেহটো ৱাৰ্ডত ৰখা হৈছিল । লগতে মৃত অৱস্থাতে যুৱকজনক হাস্পতাললৈ লৈ যায় বুলিও মত প্ৰকাশ কৰে বিএল মঞ্চুৰীয়ানে ৷

লগতে পঢ়ক : 39 বছৰীয়া হ'ল 'মাহী' : চাওঁ আহক তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ কৃতিত্বসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.