নেশ্যনেল ডেস্ক, 26 নৱেম্বৰঃ মঙলবাৰে ৰাজ্যসভাত গৃহীত হয় সমকামী লোকৰ (অধিকাৰ ৰক্ষা) বিধেয়ক, 2019 ৷ কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী থাৱৰ চন্দ্ৰ গেহলটে বিগত 20 নৱেম্বৰ তাৰিখে বিধেয়কখন ৰাজ্যসভাত বিবেচনাৰ বাবে উত্থাপন কৰিছিল ৷ অৱশেষত মঙলবাৰে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰা হয় ৷ চলিত বৰ্ষৰ জুলাই মাহত বিধেয়কখন লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা হৈছিল আৰু আগষ্ট মাহৰ 5 তাৰিখে লোকসভাই ইয়াক গৃহীত কৰিছিল ৷
লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ
ৰাজ্যসভাত বিধেয়কখন উত্থাপনৰ সময়ত সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে বিধেয়কখন পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছিল ৷ বিধেয়কখনে সমকামী লোকসকলক সমাজৰ অন্যান্য লোকসকলৰ পৰা পৃথক কৰি তুলিব বুলি যুক্তি প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷
লগতে পঢ়কঃ অমিত শ্বাহ, জেপি নড্ডাৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ জৰুৰী বৈঠক
সমকামী লোকৰ সংজ্ঞা নিৰ্ধাৰণ,সমকামীসকলৰ বিৰুদ্ধে অন্যায়-অবিচাৰ বন্ধ কৰা,সমকামীসকলক লিংগ পৰিচয়ৰ অধিকাৰ প্ৰদান আৰু কোনো সংস্থা নাইবা প্ৰতিষ্ঠানে তেওঁলোকক চাকৰিত মকৰল কৰা,পদোন্নতি দিয়া আৰু অন্যান্য আনুসংগিক বিষয়ত কোনোধৰণৰ বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব বুলি বিধেয়কখনত উল্লেখ আছে ৷
লগতে পঢ়কঃ 26/11 আক্ৰমণ: ভাৰতীয় ইতিহাসত এক ক’লা আধ্যায়
বিধেয়কখনত সমকামী লোকসকলৰ বাবে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাউন্সিল গঠনৰ পৰামৰ্শ দিয়াৰ লগতে ইয়াৰ অধীনত সমকামী লোকসকলৰ সকলো ধৰণৰ সুবিধা প্ৰদানৰ বাবে উল্লেখ কৰা আছে ৷