ETV Bharat / bharat

দিল্লীত যান-জঁট, আন্তঃৰাজ্যিক চেকপইন্টত অৰাজকতা - তৃতীয় পৰ্যায়ৰ লকডাউন

তৃতীয় পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনা দিল্লীত পৰিলক্ষিত হ'ল তীব্ৰ যান-জঁট ৷ দিল্লীৰ ৰাজপথ আৰু আন্তঃৰাজ্যিক সীমান্তৰ চেকপইন্টত অৰাজকতাৰ সৃষ্টি ৷

আন্তঃৰাজ্যিক চেকপইন্টত অৰাজকতা
দিল্লীত যান-জঁট
author img

By

Published : May 4, 2020, 10:55 PM IST

নেশ্যনেল ডেস্ক, 4 মে' : তৃতীয় পৰ্যায়ৰ লকডাউনত দিল্লী চৰকাৰে কিছুসংখ্যক শিথিলতা প্ৰদান কৰাৰ পাচতে চহৰখনত দেখা গ'ল তীব্ৰ যান-জঁট ৷ ইয়াৰ ফলত দিল্লীৰ ৰাজপথ আৰু আন্তঃৰাজ্যিক সীমান্তৰ চেকপইন্টত অৰাজকতা সৃষ্টি হোৱা পৰিলক্ষিত হ'ল ৷

দিল্লীত লকডাউন উলংঘা কৰাসকলৰ বাবে স্থাপন কৰা আৰক্ষী চেকপইন্ট সমূহত দীঘলীয়া ভিৰ দেখা যায় ৷ দিল্লী-নইডা সীমান্ত, দিল্লী-মেহৰাউলী পথ, দিল্লী-গুৰুগ্ৰাম পথৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেকপইন্ট, দিল্লী-গাজিয়াবাদ সীমান্ত আদিত বিশাল যান-জঁট পৰিলক্ষিত হয় ৷

পুৱা 9 বজাত এই অৰাজকতা আৰম্ভ হয় আৰু প্ৰায় ডেৰ ঘন্টা ধৰি চলি থাকে ৷ প্ৰায় 11 বজাত এই পৰিস্থিতি শাম কটা পৰিলক্ষিত হয় ৷ সীমান্তৰ চেকপইন্টত মোতায়েন কৰা আৰক্ষীৰে শতাধিক লোকৰ ভ্ৰমণ পাছক লৈ বাক-বিতণ্ডাৰো সৃষ্টি হয় ৷ ইয়াৰোপৰি, দিল্লী-দাল্লুপুৰ পথ আৰু দিল্লী-নইডা সীমান্ততো আৰক্ষীৰে বিভিন্ন লোকৰ মত বিৰোধ হোৱা দেখা যায় ৷

কেৱল গৌতম বুদ্ধ নগৰ জিলা দণ্ডাধীশে প্ৰদান কৰা পাছ থকা সকলকহে নইডাত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰিছে যদিও বহুলোকে দিল্লী প্ৰশাসনে প্ৰদান কৰা পাছ প্ৰদৰ্শন কৰাত তেওঁলোকক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নহ'ল ৷

পূৰ্বে উলিওৱা পাছৰ জৰিয়তে দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা সীমান্তত প্ৰৱেশত বাধা আৰোপ কৰে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.