ETV Bharat / bharat

'ডাম্পিং য়াৰ্ড'তকৈ অলপো উন্নত নহয় তেলেংগানাৰ TIMS হাস্পতালঃ সাংসদ ৰেবন্ত ৰেড্ডী - তেলেংগানা ইনঞ্চিটিউট অফ মেডিকেল চাইঞ্চ

"কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত তেলেংগানা চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। তেওঁলোকে ৰোগীসকলৰ পৰ্যাপ্ত চিকিত্সা প্ৰদান কৰিব পৰা নাই । হাস্পতালখন মুকলিৰ তিনি মাহ অতিক্ৰম কৰিছে যদিও হাস্পতালখনত নাই এজনো ৰোগী অথবা চিকিৎসক।"

TIMS Hospital
TIMS Hospital no better than dumping yard: TPCC working president Revanth Reddy
author img

By

Published : Jun 15, 2020, 1:19 PM IST

নিউজ ডেস্ক, ১৫ জুনঃ 'TPCC'ৰ কাৰ্যবাহী সদস্য তথা সাংসদ ৰেবন্ত ৰেড্ডীয়ে দেওবাৰে তেলেংগানা ইনস্টিটিউট অফ মেডিকেল চায়েন্স পৰিদৰ্শন কৰে। হাস্পতালখন পৰিদৰ্শন কৰি নেতাগৰাকীয়ে হাস্পতালখনক 'ডাম্পিং য়াৰ্ড' বুলি অভিহিত কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে হাস্পতালখনক কোভিড-১৯ বিশেষ হাস্পতাল হিচাপে ঘোষণা কৰিছিল তেলেংগানা চৰকাৰে। প্ৰথমে হায়দৰাবাদৰ গান্ধী হাস্পতালত কেৱল কোভিড-১৯ৰ চিকিৎসা কৰা হৈছিল। কিন্তু ৰাজ্যখনত কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত তেলেংগানা ইনস্টিটিউট অফ মেডিকেল চাইঞ্চক কোভিড-১৯ হাস্পতাল হিচাপে ঘোষণা কৰা হয় । লগতে, হাস্পতালখনত চিকিৎসা কৰ্মী নিয়োজিত কৰিবৰ বাবে চৰকাৰে ধন আৱন্তন দিছিল।

"এই সংকটৰ সময়ত তেলেংগানা চৰকাৰে ৰোগীৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া ভালদৰে দেখিছো। কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ । তেওঁলোকে ৰোগীসকলৰ পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিব পৰা নাই । চৰকাৰখনে ২৭ মাৰ্চত ১৫০০ বিচনাযুক্ত ইনস্টিটিউট অফ মেডিকেল চাইঞ্চক কোভিড ৰোগীৰ বাবে ঘোষণা কৰিছিল । লগতে, হাস্পতালখনত ১০০ জন চিকিৎসক নিয়োজিত কৰা হৈছে বুলি উল্লেখ কৰিছিল । কিন্তু হাস্পতালখন পৰিদৰ্শন কৰাৰ পাছত হাস্পতালখন কি অৱস্থাত আছে তাক দেখিবলৈ পাইছো।" হাস্পতালখন পৰিদৰ্শন কৰি সাংসদ ৰেবন্ত ৰেড্ডীয়ে এই কথা উল্লেখ কৰে ।

"হাস্পতালখন মুকলিৰ তিনি মাহ অতিক্ৰম কৰিছে যদিও হাস্পতালখনত নাই এজনো ৰোগী অথবা চিকিৎসক । কেৱল ৪ জন গাৰ্ডে হাস্পাতালখন চোৱা-চিতা কৰি আছে" বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.