ETV Bharat / bharat

দিল্লী চিৰিয়াখানাত বাঘৰ মৃত্যু, কৰ'ণা পৰীক্ষণৰ বাবে নমুনা প্ৰেৰণ - বুধবাৰে দিল্লী চিৰিয়াখানাত মৃত্যু হৈছিল বাঘজনীৰ

কৰ'ণা ভাইৰাছৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ এজনী মৃত বাঘৰ ৷ বুধবাৰে দিল্লী চিৰিয়াখানাত মৃত্যু হৈছিল বাঘজনীৰ ৷

কৰ'ণা পৰীক্ষণৰ বাবে নমুনা প্ৰেৰণ
দিল্লী চিৰিয়াখানাত বাঘৰ মৃত্যু
author img

By

Published : Apr 24, 2020, 10:35 PM IST

নেশ্য়নেল ডেস্ক, 24 এপ্ৰিল : বুধবাৰে 14 বছৰীয়া এজনী মাইকী বাঘৰ কিডনী বিকল হোৱাৰ ফলত দিল্লীৰ চিৰিয়াখানাত মৃত্যু হয় ৷ ইয়াৰ পাচতে চিৰিয়াখানা কৰ্তৃপক্ষই বাঘজনীৰ কৰ'ণা ভাইৰাছ পৰীক্ষণৰ বাবে নমুনা প্ৰেৰণ কৰিছে বৰেলীলৈ ৷

চিৰিয়াখানাৰ এজন বিষয়াই কয়, "কল্পনা নামৰ মাইকী বাঘজনীৰ বুধবাৰে মৃত্যু হয় ৷ বাঘজনীৰ মৃতদেহ বৃহস্পতিবাৰৰ দিনা সংস্কাৰ কৰা হৈছে ৷ বৰেলীত বাঘজনীৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ৷"

তিনিটাকৈ জীৱ-জন্তুৰ সংগঠন- ভূপালৰ National Institute of High Security Animal Disease (NIHSAD), হিচাৰৰ National Research Centre on Equines (NRCE) আৰু বৰেলীৰ Centre for Animal Disease Research and Diagnostic (CADRAD) at Indian Veterinary Research Institute (IVRI) এ এই পৰীক্ষণ সম্পন্ন কৰিব ৷ বুধবাৰে সন্ধিয়া 6.30 বজাত বাঘজনীৰ মৃত্যু হয় ৷

আমেৰিকাত এটা 4 বছৰীয়া বাঘ COVID-19 ত আক্ৰান্ত হোৱাৰ ফলত National Tiger Conservation Authority (NTCA) য়ে সকলোবোৰ বাঘ সংৰক্ষিত অঞ্চললৈ COVID-19 ৰ লক্ষণ পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.