ETV Bharat / bharat

তিনিগৰাকীকৈ কাশ্মীৰী নেতাক মুকলি কৰিলে প্ৰশাসনে

য়াৱাৰ মীৰ, নুৰ মহম্মদ আৰু চোৱেইব ল'ন নামৰ তিনিওগৰাকী নেতাকে মুকলি কৰি দিয়ে জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ আগষ্টৰ 5 তাৰিখে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচতে বন্দী হৈছিল তিনিওগৰাকী নেতা ৷

author img

By

Published : Oct 10, 2019, 4:41 PM IST

জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি

নিউজ ডেস্ক, 10 অক্টোবৰঃ জম্মু-কাশ্মীৰ প্ৰশাসনে বৃহস্পতিবাৰে মুকলি কৰি দিয়ে তিনিগৰাকীকৈ কাশ্মীৰী নেতাক ৷ য়াৱাৰ মীৰ, নুৰ মহম্মদ আৰু চোৱেইব ল'ন নামৰ তিনিওগৰাকী নেতাকে সহযোগিতামুলক কৰ্মসূচীৰ অধীনত মুকলি কৰি দিয়ে প্ৰশাসনে ৷

য়াৱাৰ মীৰ পিডিপিৰ এগৰাকী প্ৰাক্তন বিধায়ক যিয়ে ৰাফিয়াবাদ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷ চোৱেইব ল'নে উত্তৰ কাশ্মীৰৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও নিৰ্বাচনত হাৰৰ সন্মুখীন হৈছিল ৷ পিপুলছ কনফাৰেন্স পাৰ্টীৰ প্ৰধান চাজ্জাদ ল'নৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত চোৱেইব ল'ন ৷ আনহাতে নুৰ মহম্মদ হৈছে নেশ্বনেল কনফাৰেন্স পাৰ্টীৰ এগৰাকী কৰ্মী যাৰ ওপৰত সন্ত্ৰাস অধ্যুষিত বাটমালু অঞ্চলত পাৰ্টীৰ কাম-কাজৰ দায়িত্ব ন্যস্ত কৰিছিল দলটোৱে ৷

অধিক পঢ়কঃ নেশ্বনেল কনফাৰেন্সৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে ফাৰুক আব্দুল্লাক

প্ৰশাসনৰ দ্বাৰা শান্তি আৰু অন্যান্য শৃংখলাজনিত কাৰ্যকলাপ ঠিকে ৰাখিবলৈ চুক্তি স্বাক্ষৰ কৰাই মুকলি কৰি দিয়া হয় তিনিওগৰাকী নেতাক ৷ ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখত স্বাস্থ্যজনিত কাৰণত মুকলি কৰি দিয়া হৈছিল পিপুলছ কনফাৰেন্স পাৰ্টীৰ ইমৰান আনছাৰী আৰু চৈয়দ আখাউনক ৷

উল্লেখ্য যে, আগষ্ট মাহৰ 5 তাৰিখৰ পিচত ৰাজনৈতিক নেতাকে ধৰি বিচ্ছিন্নতাবাদী নেতা, অধিকাৰ কৰ্মী আৰু অধিবক্তাকে ধৰি হাজাৰৰো অধিক লোকক গৃহবন্দী কৰিছিল জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ ইয়াৰ ভিতৰত অন্যতম আছিল ফাৰুক আব্দুল্লা, ওমৰ আব্দু্ল্লা আৰু মেহবুবা মুফটি ৷ প্ৰশাসনে আটক কৰা লোকসকলৰ ভিতৰত 250ৰো অধিক লোকক জম্মু-কাশ্মীৰৰ বাহিৰৰ জেলত বৰ্তমানেও আৱদ্ধ কৰি ৰাখিছে প্ৰশাসনে ৷

Intro:Body:

তিনিগৰাকীকৈ কাশ্মীৰি নেতাক মুকলি কৰিলে প্ৰশাসনে 

য়াৱাৰ মীৰ, নুৰ মহম্মদ আৰু চোৱেইব ল'ন নামৰ তিনিওগৰাকী নেতাকে মুকলি কৰি দিয়ে জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ আগষ্টৰ 5 তাৰিখে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচতে বন্দী হৈছিল তিনিওগৰাকী নেতা ৷ 

নিউজ ডেস্ক, 10 অক্টোবৰঃ জম্মু-কাশ্মীৰ প্ৰশাসনে বৃহস্পতিবাৰে মুকলি কৰি দিয়ে তিনিগৰাকীকৈ কাশ্মীৰি নেতাক ৷ য়াৱাৰ মীৰ, নুৰ মহম্মদ আৰু চোৱেইব ল'ন নামৰ তিনিওগৰাকী নেতাকে সহযোগিতামুলক কৰ্মসূচীৰ অধীনত মুকলি কৰি দিয়ে প্ৰশাসনে ৷ 

য়াৱাৰ মীৰ পিডিপিৰ এগৰাকী প্ৰাক্তন বিধায়ক যিয়ে ৰাফিয়াবাদ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷ চোৱেইব ল'নে উত্তৰ কাশ্মীৰৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও নিৰ্বাচনত হাৰৰ সন্মুখীন হৈছিল ৷ পিপুলছ কনফাৰেন্স পাৰ্টীৰ প্ৰধান চাজ্জাদ ল'নৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত চোৱেইব ল'ন ৷ আনহাতে নুৰ মহম্মদ হৈছে নেশ্বনেল কনফাৰেন্স পাৰ্টীৰ এগৰাকী কৰ্মী যাৰ ওপৰত সন্ত্ৰাস অধ্যুষিত বাটমালু অঞ্চলত পাৰ্টীৰ কাম-কাজৰ দায়িত্ব ন্যস্ত কৰিছিল দলটোৱে ৷ 

প্ৰশাসনৰ দ্বাৰা শান্তি আৰু অন্যান্য শৃংখলাজনিত কাৰ্যকলাপ ঠিকে ৰাখিবলৈ চুক্তি স্বাক্ষৰ কৰাই মুকলি কৰি দিয়া হয় তিনিওগৰাকী নেতাক ৷ ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখত স্বাস্থ্যজনিত কাৰণত মুকলি কৰি দিয়া হৈছিল পিপুলছ কনফাৰেন্স পাৰ্টীৰ ইমৰান আনছাৰী আৰু চৈয়দ আখাউনক ৷ 

উল্লেখ্য যে, আগষ্ট মাহৰ 5 তাৰিখৰ পিচত ৰাজনৈতিক নেতাকে ধৰি বিচ্ছিন্নতাবাদী নেতা, অধিকাৰ কৰ্মী আৰু অধিবক্তাকে ধৰি হাজাৰৰো অধিক লোকক গৃহবন্দী কৰিছিল জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ ইয়াৰ ভিতৰত অন্যতম আছিল ফাৰুক আব্দুল্লা, ওমৰ আব্দু্ল্লা আৰু মেহবুবা মুফটি ৷ প্ৰশাসনে আটক কৰা লোকসকলৰ ভিতৰত 250ৰো অধিক লোকক জম্মু-কাশ্মীৰৰ বাহিৰৰ জেলত বৰ্তমানেও আৱদ্ধ কৰি ৰাখিছে প্ৰশাসনে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.