নিউজ ডেস্ক, 9 জুলাই : আমি এখন এনেকুৱা দেশ য'ত দুই মিলিয়ন আৰক্ষী বাহিনীয়ে দেশৰ অন্তৱৰ্তী সুৰক্ষাৰ দায়িত্ব পালন কৰে ৷ ব্ৰিটিছৰ শাসনকালত শাসকপক্ষৰ স্বাৰ্থ ৰক্ষা কৰাটো আৰক্ষীৰ একমাত্ৰ দায়িত্ব আছিল, কিন্তু স্বাধীনতাৰ পিচত ৰাইজৰ নিৰাপত্তাই আৰক্ষীৰ প্ৰাথমিক কৰ্তব্য হৈ পৰে ৷ বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰক্ষী আয়োগে আৰক্ষী বাহিনীক ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰি তাৰ প্ৰতি উত্তৰদায়ী হ'বলৈ নিৰ্দেশনা প্ৰদান কৰি আহিছে, আইনৰ শাসনত বলৱৎ কৰি সমাজত ইয়াক পৰিচালনা কৰাটো তেওঁলোকৰে দায়িত্ব ৷ অৱশ্যে বহুসময়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আৰক্ষী ব্যৱস্থা নিয়ন্ত্ৰিত অপৰাধীৰ দল হৈ পৰা বুলি প্ৰকাশ কৰিছে ৷ কিন্তু ইমানৰ পিচতো তেওঁলোকৰ ব্যৱহাৰ বেয়াৰ পৰা অতি বেয়ালৈ ঢাল খাইছে আৰু উদ্ভাৱনী অত্যাচাৰৰ দ্বাৰা অমায়িক, নিৰপৰাধী লোকৰ জীৱন লৈ আহিছে ৷ তামিলনাডুৰ থুথুকুডিত শেহতীয়াকৈ সংঘটিত ঘটনা ইয়াৰ জ্বলন্ত উদাহৰণ ৷
নিষ্ঠুৰতাই ল'লে দুটিকৈ প্ৰাণ
চৰকাৰে কোভিড-19 ভাইৰাছৰ পৰা জনতা আৰু তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ চৰকাৰে লকডাউন জাৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহাৰাষ্ট্ৰৰ সৈতে কোভিড-19ৰ ঘটনাৰ একে দৌৰত থকা তামিলনাডুতো কাঢ়া লকডাউন আৰোপ কৰা হৈছিল ৷ জয়ৰাজ(60) নামৰ ব্যক্তিগৰাকীয়ে লকডাউনৰ নিয়ম উলংঘা কৰি 7:30 বজাৰ পিচতো তেওঁৰ দোকানখন খোলা ৰখাৰ বাবে 19 জুনত আৰক্ষীৰ আক্ৰমণৰ বলি হয় ৷ তেওঁক চাট্টানুকুলাম আৰক্ষী চকীলৈ লৈ যোৱা হয়, য'ত তেওঁক ৰখা হৈছিল ৷ সেই সময়তে তেওঁৰ পুত্ৰ ফনিক্সে আৰক্ষী চকীত উপস্থিত হৈ তেওঁৰ পিতৃক মুকলি কৰি দিবলৈ যুক্তিতৰ্কত লিপ্ত হয় আৰু ইয়াৰ বাবে তেওঁকো আৰক্ষীয়ে আটক কৰে ৷ 22 জুনত জয়ৰাজে বুকুত বিষ অনুভৱ কৰে আৰু তেওঁক কোভিলপাটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ ইয়াকে লৈ ৰাইজৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিয়ে আৰক্ষীৰ জিম্মাত হোৱা ভয়ংকৰ অত্যাচাৰৰ বাবেই দুয়োগৰাকীৰ মৃত্যু হোৱা বুলি জানি স্থানীয় পৌৰ প্ৰশাসন আৰু ন্যায়িক ব্যৱস্থাই একপ্ৰকাৰ আচৰিত হৈ পৰে ৷ এই সমগ্ৰ ঘটনাটোত ন্যায়িক দণ্ডাধীশৰ তদন্তই আৰক্ষীৰ অপৰাধপ্ৰৱনতা উদঙাই দি, অপৰাধ আৰু ন্যায় ব্যৱস্থাৰ এক ভুল পৰিচালনা পোহৰলৈ লৈ আনে ৷
নৃংশসতা
কোভিলপাটি ন্যায়িক দণ্ডাধীশ এমএছ ভাৰথীদাচানে দাখিল কৰা প্ৰতিবেদন অনুসৰি, আৰক্ষী চকীখনত থকা চিচিটিভি কেমেৰাসমূহ অটো ডিলিট পৰ্যায়ত ৰাখি ইয়াৰ সকলো ৰেকৰ্ডিং প্ৰতিদিনৰ অন্তত ডিলিট কৰি দিয়া হয় ৷ ইয়াৰ দ্বাৰাই আৰক্ষীয়ে তেওঁলোকৰ দ্বাৰা সংঘটিত অপৰাধৰ প্ৰমাণসমূহ নষ্ট কৰি আহিছে ৷ অনুসন্ধানকাৰী কমিটীক কনিষ্টবলৰ পৰা আৰম্ভ কৰি উচ্চ-পৰ্যায়ৰ বিষয়াসকলেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তোলে কমিটীয়ে ৷ আনকি এগৰাকী কনিষ্টবলে অনুসন্ধানকাৰী কমিটীক কোনো প্ৰমাণ কৰিব নোৱাৰিব বুলি প্ৰত্যাহ্বানো প্ৰদান কৰে, যিয়ে তেওঁলোকৰ আইনৰ প্ৰতি থকা ধাৰনাক প্ৰতিফলিত কৰে ৷ আৰক্ষী চকীখনৰ মহিলা আৰক্ষীগৰাকী অত্যধিক ভীতিগ্ৰস্ত হৈ থকাটো তেওঁৰ মন্তব্য প্ৰদান কৰাৰ সময়ত পৰিলক্ষিত হৈছিল আৰু ইয়ে পিতা-পুত্ৰৰ ওপৰত ওৰেনিশা হোৱা অত্যাচাৰৰ ভয়াৱহতাক স্পষ্টৰূপত প্ৰকাশ কৰে ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ নপৰালৈকে তেওঁলোকক অত্যাচাৰ কৰা হৈছিল আৰু আৰক্ষী চকীৰ ফাৰ্নিচাৰ আৰু অন্যান্য আচবাবত তেজৰ চেকুৰা লাগি ধৰিছিল ৷ নিৰপৰাধীক অপৰাধীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰদান কৰা আৰক্ষীৰ ক্ষমতাক দুৰ্ভগীয়া আৰু সহায়বিহীন জনতাৰ বিৰুদ্ধে একেবাৰে ভুলকৈ ব্যৱহাৰ কৰা হৈছিল ৷ আৰক্ষী চকীত মৌলিক অধিকাৰৰ কোনো অৰ্থ নাই ৷ স্বাধীনতাৰ সত্তৰ বৰ্ষ পিচতো ভাৰত গণতন্ত্ৰৰ প্ৰতি এই নৃংশসতা এক ভাবুকি হিচাপে পৰিগণিত হৈছে ৷
তাৎক্ষনিক সংস্কাৰৰ প্ৰয়োজন
অফ্ৰো-আমেৰিকান জৰ্জ ফ্লয়েডৰ আটকৰ সময়ত তেওঁৰ ওপৰত প্ৰয়োগ কৰা অত্যধিক বলৰ ফলত আৰক্ষীৰ হাতত প্ৰাণ গৈছিল তেওঁৰ ৷ আৰক্ষীৰ নৃংশসতাৰ বিৰুদ্ধে আমেৰিকাকে ধৰি অন্যান্য দেশসমূহত ব্যাপক জন-প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ এতিয়া তাৰ চৰকাৰে উপযুক্ত আৰক্ষী সংস্কাৰ সাধনৰ ওপৰত কাম কৰিছে ৷ মিনেয়াপলিছৰ প্ৰশাসনে চহৰখনৰ পৰা আৰক্ষী বিভাগ আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইউক্ৰেইন আৰু জৰ্জিয়াই আওপুৰনি আৰক্ষী নীতিসমূহ বৰ্তমানৰ নিয়মৰ সৈতে সলনি কৰিছে ৷ ভাৰতত শতিকাধৰি, আৰক্ষী সংস্কাৰৰ প্ৰস্তাৱ উত্থাপন হৈ আহিছে যদিও ইয়াক কাগজতে ৰাখি নৈতিক-সংস্কাৰপূৰ্ণ নীতিক উপহাস কৰা হৈছে ৷ আইনৰ শাসন বলৱৎ কৰা বিশ্বৰ 126 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 68 সংখ্যক ৷ এক আঠ-দফীয়া নীতিৰ আধাৰত ভাৰতে আইন-শৃংখলা নিৰ্ধাৰণৰ ক্ষেত্ৰত 111 স্থানত আছে ৷ চৰকাৰৰ শেহতীয়া পৰিসংখ্যা অনুসৰি, আমাৰ দেশত প্ৰতিদিনে 15টা জিম্মাগত নৃংশসতাৰ ঘটনা সংঘটিত হয় আৰু ইয়াৰে 9গৰাকীয়ে মৃত্যুক সাৱতি লয় ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰা অনুসৰি, আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৱে দিনৰ পোহৰ দেখা নাপায় আৰু পোহৰলৈ অহা ঘটনাসমূহেও অধিক সময় লয় ৷ প্ৰতিবেদন অনুসৰি, এইসমূহ ঘটনা সাধাৰণভাৱেই সংঘটিত হয় আৰু ইয়াৰ মুল আৰক্ষী প্ৰক্ৰিয়াত দকৈ শিপাই আছে ৷ যদিও আৰক্ষী জিম্মাৰ বাবে কিছুসংখ্যক বিষয়াক দোষী সাব্যস্ত কৰা হয়, গাঁথনিগত সংস্কাৰ এতিয়াও বহু জটিল ৷ এই সময়ত এক তাৎক্ষনিক আৰু কাঢ়া সংস্কাৰৰ অতিকে প্ৰয়োজন হৈছে ৷
আইনৰ উৰ্ধত কোনো নহয় !
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বাৰে বাৰে এইটো স্পষ্ট কৰি দিছে যে, দেশৰ সংবিধান সকলোৰে উৰ্ধত ৷ বুলগেৰিয়াৰ প্ৰধানমন্ত্ৰীক দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰাকৈ বিগত 23 জুনত গীৰ্জালৈ যোৱাৰ বাবে 300 লেউছ (ভাৰতীয় টকাৰ হিচাপত 13,000)ৰ জৰিমনা বিহিছিল ৷ এনেকৈ আইনক সন্মান প্ৰদান কৰা হয় ৷ কিন্তু ভাৰতত 2005ৰ পৰা 2015 লৈ অপৰাধৰ মাত্ৰা 28 শতাংশ বৃদ্ধি পাইছে, কিন্তু অপৰাধীৰ সৈতে মোকাবিলা কৰা আৰু শাস্তি প্ৰদান কৰাত কোনো উন্নয়ন হোৱা নাই ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান প্ৰকাশ সিঙে কয় যে, "ইয়ে এইটো নুবুজায় যে, ইয়াক কোনো আইনৰ শাসন নাই....কিন্তু ৰাজনৈকিত শাসকসকলৰ ক্ষেত্ৰতো আইনৰ এক প্ৰভাৱ আছে ৷" যেতিয়া আৰক্ষীয়ে ক্ষমতাত থকা লোকসকলৰ বাবে যিকোনো কাম সংঘটিত কৰে, আমি কিদৰে নৈতিক সততা, ৰাইজৰ সুৰক্ষা আশা কৰিব পাৰো ? আৰক্ষীৰ ওপৰত পৰা প্ৰভাৱ আৰু হেঁচাই শতিকাধৰি চলি অহা গণতান্ত্ৰিক ভেটিটো জোকাৰি দিয়াক আমি কান বন্ধ কৰি আওকান কৰিব নোৱাৰো ৷ সাংবিধানিক মুল্যবোধক যেতিয়ালৈকে অনিয়ন্ত্ৰিক আমোলাতন্ত্ৰৰ হাতত উপহাস কৰা হ'ব তেতিয়ালৈকে আৰক্ষীয়ে নিজৰ জিম্মাত অপৰাধ কৰিব, অন্ধ কুঠৰীত নিৰপৰাধীৰ মৃত্যু ঘটিয়ে থাকিব ৷
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দেশত এক নতুন আৰক্ষী বাহিনীৰ কথা কৈছিল যিয়ে, পেশাদাৰী, উৎসৰ্গিত, প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ শক্তি, উন্নত প্ৰশিক্ষণ আদিৰ দ্বাৰা পৰিচালিত হ'ব ৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক স্মাৰ্ট আৰক্ষী বাহিনীৰ ওপৰত অধিক জোৰ প্ৰদান কৰিছে ৷ অসামৰিক স্বাধীনতা কিদৰে পৃষ্ঠগত সংস্কাৰৰ দ্বাৰা সংৰক্ষিত হ'ব যেতিয়ালৈকে আৰক্ষী ব্যৱস্থাত পেশাগত স্বাধীনতা আৰু দায়িত্ববোধ থাকিব ? যেতিয়ালৈকে আৰক্ষী ব্যৱস্থাটো শৃংখলা আৰু সংবিধানৰ প্ৰতি সন্মান থাকিব, আইনৰ শাসনৰ দ্বাৰা কাৰ্যক্ষম, আৰু ৰাইজৰ সেৱা প্ৰাথমিক দায়িত্ব হিচাপে লৈ ইচ্ছাগতভাৱেই নিজক উৎসৰ্গিত কৰিব, তেতিয়া আমাৰ দেশ নিৰাপদে সুখেৰে চলিব ৷