ETV Bharat / bharat

অনুচ্ছেদ 370 বাতিলৰ পিচত হ্ৰাস পাইছে সন্ত্ৰাসজনিত ঘটনা, বৃদ্ধি হৈছে অনুপ্ৰেৱশৰ ঘটনা - লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিজ্ঞপ্তি

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লোকসভাত প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, অনুচ্ছেদ 370 বাতিলৰ পিচতেই জম্মু-কাশ্মীৰত স্থৱিৰ হৈ পৰিছে সন্ত্ৰাসজনিত ঘটনা ৷ আনহাতে নিয়ন্ত্ৰণৰেখাৰ সিপাৰৰ পৰা অবৈধ অনুপ্ৰৱেশৰ ঘটনা এতিয়াও বৃদ্ধি পাই আছে ৷

জম্মু-কাশ্মীৰত হ্ৰাস পাইছে সন্ত্ৰাসজনিত ঘটনা জম্ম-কাশ্মীৰত বৃদ্ধি অনুপ্ৰেৱশৰ ঘটনা
জম্মু-কাশ্মীৰত হ্ৰাস পাইছে সন্ত্ৰাসজনিত ঘটনা
author img

By

Published : Dec 3, 2019, 11:54 PM IST

নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰঃ মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰ সন্দৰ্ভত লোকসভাত এক বিজ্ঞপ্তি প্ৰদান কৰে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিজ্ঞপ্তি অনুসৰি, আগষ্ট মাহৰ 5 তাৰিখত অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচৰে পৰাই জম্মু-কাশ্মীৰত হ্ৰাস পাইছে সন্ত্ৰাসজনিত ঘটনা ৷ অৱশ্যে বিজ্ঞপ্তিটোত নিয়ন্ত্ৰণৰেখাৰ সিপাৰৰ পৰা ক্ৰমাগত হাৰে অবৈধ অনুপ্ৰেৱশৰ ঘটনা এতিয়াও সংঘটিত হৈ আছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷

মঙলবাৰে লোকসভাত এই সন্দৰ্ভত বিজ্ঞপ্তি প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ বিজ্ঞপ্তিটোত চলিত বৰ্ষৰ আগষ্ট মাহৰ 5 তাৰিখৰ পৰা 27 নৱেম্বৰ তাৰিখলৈ 88টা আক্ৰমণ আৰু অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হৈছে ৷ চলিত বৰ্ষৰ 12 এপ্ৰিলৰ পৰা 4 আগষ্টলৈ 106টা অনুৰূপ ঘটনা সংঘটিত হৈছিল জম্মু-কাশ্মীৰত ৷ নিম্ন সদনৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ আনহাতে চলিত বৰ্ষৰ 5 আগষ্টৰ পৰা 31 অক্টোবৰলৈ মুঠ 88 দিনত নিয়ন্ত্ৰণৰেখাৰ সীপাৰৰ পৰা 84টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে, 9 মে'ৰ পৰা 4 আগষ্টলৈ মাত্ৰ 53টা অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷

Intro:Body:

https://www.aninews.in/news/national/general-news/terror-incidents-down-in-kashmir-infiltrations-spike-after-article-370-abrogation20191203135243/

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.