ETV Bharat / bharat

আকৌ হব পাৰে ভাৰত-পাক যুদ্ধঃউদ্বিগ্ন প্ৰতিৰক্ষা মন্ত্ৰালয়

author img

By

Published : Jul 28, 2019, 5:05 PM IST

পাকিস্তানী সেনাৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদী গোটৰ ভাৰত আক্ৰমণৰ বিশেষ পৰিকল্পনাৰ তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই ৷ পাকিস্তানৰ ছায়া যুদ্ধনীতি ওফৰাই পেলাবলৈ দেওবাৰে পুনৰ সুৰক্ষা বিভাগৰ প্ৰতিনিধিৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল ৷

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল

নিউজ ডেস্ক, 28 জুলাইঃ জম্মু-কাশ্মীৰলৈ সুৰক্ষা বলৰ অতিৰিক্ত 100টা কোম্পানী প্ৰেৰণ কৰাৰ পিচতেই দেওবাৰে সুৰক্ষা বাহিনীৰ উচ্চ-পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় দেশৰ সুৰক্ষা উপদেষ্টা অজিত ডোভাল ৷ শনিবাৰে কেন্দ্ৰীয় গৃহ বিভাগে জম্মু-কাশ্মীৰলৈ অতিৰিক্ত 100 টা কোম্পানী প্ৰেৰণৰ বাবে অনুমোদন দিয়াৰ পিচতে দেওবাৰে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই সুৰক্ষা বাহিনীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ পুলৱামা আক্ৰমণৰ পিচতে প্ৰথমবাৰৰ বাবে ৰাজ্যখনলৈ বিশেষ বিমানেৰে লৈ যোৱা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বৃহৎ দল ৷ ইতিমধ্যে ৰাজ্যখনত সুৰক্ষা সংস্থাসমূহৰ আটাইকেইটা কোম্পানী উপস্থিত হৈছে ৷

জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ বিশেষ অনুচ্ছেদ 35(A) উঠাই লোৱা বিষয়টো উত্থাপন হৈছিল ৷ ৰাজ্যখনৰ পৰা শীঘ্ৰেই বিশেষ অধিকাৰ উঠাই লোৱাৰ উপৰিও কাশ্মীৰ, জম্মু আৰু লাডাখ উপত্যকাক পৃথকে পৃথকে ক্ষমতা প্ৰদান কৰাৰ প্ৰসংগও উত্থাপন হৈছিল ৷ এনেকুৱা পৰিস্থিতিত ৰাজ্যখনলৈ শনিবাৰে সুৰক্ষা বাহিনীৰ 100 টা কোম্পানী প্ৰেৰণ কৰা বিষয়টোৱে চৰ্চা লাভ কৰিছিল ৷ কিন্তু শেহতীয়াকৈ চোৰাংচোৱাৰ হাতত আহি পৰা তথ্য অনুসৰি, পাকিস্তান সেনাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে ইতিমধ্যে ভাৰতীয় সীমাৰে কাশ্মীৰত প্ৰৱেশ কৰিছে ৷অৱশ্যে শনিবাৰে নিশাৰ ভাগত নিয়ন্ত্ৰণৰেখাৰ বহুকেইটা স্থানত সন্ত্ৰাসবাদীৰ দলৰভাৰতীয় সীমাত প্ৰৱেশৰ বাবে চলোৱা চেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় সেনাই ৷ ইয়াৰ উপৰিও চোৰাংচোৱাৰ হাতত পৰা তথ্য অনুসৰি, পাকিস্তান সেনাৰ দ্বাৰা প্ৰশিক্ষিত সন্ত্ৰাসবাদীৰ গোটক ভাৰতৰ ভূমিত প্ৰৱেশৰ বাবে ছায়া-যুদ্ধৰ সহায় ল'ব পাকিস্তান সেনাই ৷ এইসকলো দিশৰ লগতে চলি থকা অমৰনাথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষাজনিত দিশৰ পৰা নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে দেওবাৰে আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকী ৷

Intro:Body:

সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণঃ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰ বিশেষ বৈঠক 

পাকিস্তান সেনাৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদী গোটৰ ভাৰত আক্ৰমণৰ বিশেষ পৰিকল্পনাৰ তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই ৷ পাকিস্তানৰ ছায়া যুদ্ধনীতি ওফৰাই পেলাবলৈ দেওবাৰে পুনৰ সুৰক্ষা বিভাগৰ প্ৰতিনিধিৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল ৷ 

নিউজ ডেস্ক, 28 জুলাইঃ জম্মু-কাশ্মীৰলৈ সুৰক্ষা বলৰ অতিৰিক্ত 100টা কোম্পানী প্ৰেৰণ কৰাৰ পিচতেই দেওবাৰে সুৰক্ষা বাহিনীৰ উচ্চ-পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় দেশৰ সুৰক্ষা উপদেষ্টা অজিত ডোভাল ৷ শনিবাৰে কেন্দ্ৰীয় গৃহ বিভাগে জম্মু-কাশ্মীৰলৈ অতিৰিক্ত 100 টা কোম্পানী প্ৰেৰণৰ বাবে অনুমোদন দিয়াৰ পিচতে দেওবাৰে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই সুৰক্ষা বাহিনীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ পুলৱামা আক্ৰমণৰ পিচতে প্ৰথমবাৰৰ বাবে ৰাজ্যখনলৈ বিশেষ বিমানেৰে লৈ যোৱা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বৃহৎ দল ৷ ইতিমধ্যে ৰাজ্যখনত সুৰক্ষা সংস্থাসমূহৰ আটাইকেইটা কোম্পানী উপস্থিত হৈছে ৷ 

জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ বিশেষ অনুচ্ছেদ 35(A) উঠাই লোৱা বিষয়টো উত্থাপন হৈছিল ৷ ৰাজ্যখনৰ পৰা শীঘ্ৰেই বিশেষ অধিকাৰ উঠাই লোৱাৰ উপৰিও কাশ্মীৰ, জম্মু আৰু লাডাখ উপত্যকাক পৃথকে পৃথকে ক্ষমতা প্ৰদান কৰাৰ প্ৰসংগও উত্থাপন হৈছিল ৷ এনেকুৱা পৰিস্থিতিত ৰাজ্যখনলৈ শনিবাৰে সুৰক্ষা বাহিনীৰ 100 টা কোম্পানী প্ৰেৰণ কৰা বিষয়টোৱে চৰ্চা লাভ কৰিছিল ৷ কিন্তু শেহতীয়াকৈ চোৰাংচোৱাৰ হাতত আহি পৰা তথ্য অনুসৰি, পাকিস্তান সেনাৰ দ্বাৰা প্ৰশিক্ষিত সন্ত্ৰাসবাদীৰ বৃহৎ দল ভাৰতীয় সীমাৰে কাশ্মীৰত প্ৰৱেশ কৰিছে ৷ ইতিমধ্যে, শনিবাৰে নিশাৰ ভাগত নিয়ন্ত্ৰণৰেখাৰ বহুকেইটা স্থানত সন্ত্ৰাসবাদীৰ দল ভাৰতীয় সীমাত প্ৰৱেশৰ বাবে চলোৱা চেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় সেনাই ৷ ইয়াৰ উপৰিও চোৰাংচোৱাৰ হাতত পৰা তথ্য অনুসৰি, পাকিস্তান সেনাৰ দ্বাৰা প্ৰশিক্ষিত সন্ত্ৰাসবাদীৰ গোটক ভাৰতৰ ভূমিত প্ৰৱেশৰ বাবে ছায়া-যুদ্ধৰ সহায় ল'ব পাকিস্তান সেনাই ৷ এইসকলো দিশৰ লগতে চলি থকা অমৰনাথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষাজনিত দিশৰ পৰা নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে দেওবাৰে আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকী ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.