ETV Bharat / bharat

কৰ'ণা ভাইৰাছ : সকলোকে সজাগ হোৱাৰ আহ্বান তেণ্ডুলকাৰৰ - ভাৰতৰ প্ৰাক্তন ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে সকলোকে সজাগ হ'বলৈ তেণ্ডুলকাৰৰ আহ্বান ৷ সঘনে হাত ধুবলৈ পৰামৰ্শ তেণ্ডুলকাৰৰ ৷

কৰ'ণা ভাইৰাছ
শচীন তেণ্ডুলকাৰ
author img

By

Published : Mar 18, 2020, 8:36 PM IST

স্পৰ্টছ ডেস্ক, 18 মাৰ্চ : ভাৰতৰ প্ৰাক্তন ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সকলোকে সজাগ হোৱাৰ লগতে সঘনে হাত ধুবলৈ আহ্বান জনাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাইও আহ্বান জনাই আহিছে যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে সঘনে চাবোনেৰে হাত ধুব লাগে ৷

সকলোকে সজাগ হোৱাৰ আহ্বান তেণ্ডুলকাৰৰ

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে কয় যে, সকলোৱে সঘনে হাত ধুৱাৰ লগতে জন সমাৱেশৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে ৷

টুইটাৰৰ জৰিয়তে তেণ্ডুলকাৰে কয়, "নাগৰিক হিচাপে আমি দায়বদ্ধ হোৱা উচিত ৷ কৰ'ণা ভাইৰাছক আঁতৰাই ৰাখিবৰ বাবে আমি কিছুমান সাধাৰণ পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ এয়া সকলোলৈ মোৰ আহ্বান যে, সকলো সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিবৰ বাবে কিছুমান সাধাৰণ নীতি-নিৰ্দেশনা অনুসৰণ কৰা উচিত ৷"

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা
তেণ্ডুলকাৰৰ টুইট

"কৰ'ণা ভাইৰাছক লৈ আমি সকলো চিন্তিত ৷ সেয়ে মানুহৰ ভিৰ থকা অঞ্চলসমূহত উপস্থিত থাকিব নালাগে," টুইটাৰত এক ভিডিঅ' পোষ্ট কৰি এই কথা কয় তেণ্ডুলকাৰে ৷

"আপুনি যদি কাঁহি আছে আৰু অস্বাস্থ্যকৰ অনুভৱ কৰে তেন্তে চিকিৎসকৰ ওচৰ চপা উচিত ৷ লগতে চাবোনেৰে হাত ধুব লাগে আৰু উৰা বাতৰিত বিশ্বাস কৰিব নালাগে ৷"

উল্লেখ্য যে, তেণ্ডুলকাৰৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনায়েও কৰ'ণা সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে অনিৰ্ভৰযোগ্য উৎসৰ পৰা তথ্য সংগ্ৰহ নকৰিবৰ বাবে আহ্বান জনায় ৷

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা
দেশবাসীলৈ সুৰেশ ৰাইনাৰ আহ্বান

উল্লেখ্য যে, বুধবাৰ পৰ্যন্ত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি, 147 জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

কৰ'ণা ভাইৰাছ আতংক
ক্ৰিকেটত কৰ'ণা ভাইৰাছৰ প্ৰভাৱ

বৰ্তমানলৈকে বিশ্বৰ বিভিন্ন দেশত 1,85,000 লোক আক্ৰান্ত হোৱাৰ লগতে 7,500 লোকৰ মৃত্যু হৈছে ৷

আৰু পঢ়ক : বিদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত 276 ভাৰতীয় : বৈদেশিক মন্ত্ৰণালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.