নিউজ ডেস্ক, ২৮ জুনঃ তেলেংগানাত শনিবাৰে নতুনকৈ ১,০৮৯ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণাৰ অৱস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা মুঠ ১৩,৪৩৬ গৰাকীলৈ বৃদ্ধি হয় । তাৰোপৰি ২৭ জুন তথা শনিবাৰে ১৬২ গৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি আৰোগ্য হৈ উঠাৰ উপৰিও ভাইৰাছত আক্ৰান্ত হৈ ৬ জন লোকৰ মৃত্যু হয় বুলি সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ।
আনহাতে, তেলেংগানাৰ স্বাস্থ্য বিভাগে এক বিবৃতিযোগে সদৰি কৰে যে, তেলেংগানাত বৰ্তমান পৰ্যন্ত ৮,২৬৫ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে ৪,৯২৮ গৰাকী ব্যক্তি সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে । তাৰোপৰি ৰাজ্যখনত বৰ্তমান পৰ্যন্ত ২৪৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছ্ ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সদৰি কৰা অনুসৰি, বিগত ২৪ ঘণ্টাত সমগ্ৰ ভাৰততে সৰ্বাধিক হাৰত ১৮,৫৫২ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা উপস্থিতি লাভ কৰা পৰিপ্ৰেক্ষিততেই শনিবাৰে কৰ'ণা আক্ৰান্তৰ সংখ্যা মুঠ ৫,০৮,৯৫৩ গৰাকীলৈ বৃদ্ধি হয় বুলি সদৰি কৰে ।
ভাৰতত ১,৯৭,৩৮৭ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা সক্ৰিয় হৈ থকাৰ বিপৰীতে বৰ্তমান পৰ্যন্ত ২,৯৫,৮৮১ গৰাকী লোক আৰোগ্য হৈ উঠিছে । তাৰোপৰি এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৫,৬৮৫ গৰাকী লোকৰ ।
লগতে পঢ়ক : পাকিস্তানে সদিচ্ছাৰ নামত মৰীচিকাৰ সৃষ্টি কৰি আছে