ETV Bharat / bharat

ৰাজহুৱা স্থানত পিকুৱাত নিষেধাজ্ঞা তেলেংগানা চৰকাৰৰ

তেলেংগানা চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰাজহুৱা স্থানত পান, ধপাত, চুইংগাম, অন্যান্য সামগ্ৰী পিকুৱা বা পেলুৱা নিষিদ্ধ ।

author img

By

Published : Apr 9, 2020, 12:00 PM IST

Telangana govt bans spitting in public places

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে তেলংগানাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে COVID-১৯ য়ে । যাৰ বাবে তেলেংগান চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

এতিয়াৰ পৰা ৰাজহুৱা স্থানত কোনো ধৰণৰ ধপাত জাতীয় সামগ্ৰী পিকুৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে তেলেংগানা চৰকাৰে । মুখৰ পৰা পেলুৱা সেই সামগ্ৰী সমূহত লাগি থকা কণিকা বা থুইৰ পৰাও COVID-১৯ সংক্ৰমণ হোৱাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

জনসাধাৰণৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে পান, চুবুৱা ধপাত জাতীয় আৰু ধপাতবিহীন সামগ্ৰী, চুইংগাম ইত্য়াদি ৰাজহুৱা স্থানত পেলুৱা বা পিকুৱা নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে । যোৱা ৬ এপ্ৰিলত এই সন্দৰ্ভত জাননী জাৰি কৰিছিল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে । ভাইৰাছক সংক্ৰমণ হোৱাৰ পৰা ৰোধ কৰিবলৈয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে চাওক- হাইড্ৰক্সিক্ল'ৰকুইন আৱিষ্কাৰকৰ জন্ম হৈছিল ভাৰতত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.