ETV Bharat / bharat

গেৰুৱা বসন পৰিধান কৰিলে তেলেংগানা কংগ্ৰেছৰ কোষাধ্যক্ষ গুডুৰ নাৰায়ণ ৰেড্ডীয়ে

author img

By

Published : Dec 8, 2020, 12:08 PM IST

কংগ্ৰেছ দল ত্যাগ কৰাৰ কেইঘণ্টামানৰ পাছতে সোমবাৰে বিজেপিত যোগদান কৰে কংগ্ৰেছ নেতা গুডুৰ নাৰায়ণ ৰেড্ডীয়ে । বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ উপস্থিতিত ৰেড্ডীয়ে দলৰ সদস্যপদ গ্ৰহণ কৰে । গুডুৰ নাৰায়ণ ৰেড্ডীয়ে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে সুদক্ষ নেতাৰ সৈতে তেওঁ কাম কৰিব বিচাৰে ।

বিজেপিত যোগদান কৰিলে কংগ্ৰেছ নেতা গুডুৰ নাৰায়ণ ৰেড্ডীয়ে

নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ: গেৰুৱা বসন পৰিধান কৰিলে কংগ্ৰেছ নেতা গুডুৰ নাৰায়ণ ৰেড্ডীয়ে । গুডুৰ নাৰায়ণ ৰেড্ডীয়ে সোমবাৰে নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ প্ৰাথমিক সদস্য পদ আৰু কোষাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে । দল ত্যাগ কৰাৰ পিছতে তেওঁ বিজেপিৰ সদস্যতা গ্ৰহণ কৰে ।

নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ অধ্যক্ষা ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ লিখিছে যে, '১৯৮১ চনৰ পৰা অৰ্থাৎ ছাত্ৰাৱস্থাৰে পৰা আজিৰ তাৰিখলৈকে কংগ্ৰেছ দলৰ অনুশাসন মানি চলা এগৰাকী সৈনিক হিচাপে দলে অৰ্পণ কৰা সকলো দায়িত্ব মই নিষ্ঠাৰে পালন কৰি আহিছো । দক্ষতাৰে নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য আৰু তেলেংগানা কংগ্ৰেছৰ কোষাধ্যক্ষৰ দায়িত্ব পালন কৰিছো । দল আৰু ৰাইজৰ সেৱা কৰিবলৈ আপুনি মোক দিয়া সুযোগৰ বাবে আপোনালৈ অশেষ ধন্যবাদ । তৎকালীনভাৱে মই নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য পদ আৰু তেলেংগানা কংগ্ৰেছৰ কোষাধ্যক্ষৰ দায়িত্বৰ পৰা অব্যাহতি লৈছো ।'

আনহাতে, সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, তেওঁ এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে সুদক্ষ নেতাৰ সৈতে তেওঁ কাম কৰিব বিচাৰে । লগতে তেওঁ ছোনিয়া গান্ধীক ধন্যবাদ জ্ঞাপন কৰি কয় যে, তেওঁ দলে অৰ্পণ কৰা সকলো দায়িত্ব পালন কৰিছে । কংগ্ৰেছত এতিয়া শৃংখলাবদ্ধ পৰিৱেশৰ অভাৱ বুলি কোৱাৰ লগতে ৰেড্ডীয়ে এই পৰিৱেশক লৈ চিন্তিত বুলিও মন্তব্য কৰে । কংগ্ৰেছৰ বিকল্প এতিয়া বিজেপিৰ বাদে আন একো হ'ব নোৱাৰে বুলিও প্ৰকাশ কৰে । সেয়ে, কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে বিজেপিত যোগদান কৰে ৰেড্ডীয়ে ৷

লগতে পঢ়ক:ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰক আহ্বান প্ৰাক্তন কাশ্মীৰি সন্ত্ৰাসবাদীৰ পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.