নিউজ ডেস্ক , 26 মে': দেওবাৰে জম্মু কাশ্মীৰৰ নৌছেৰা এলেকাৰ সীমান্তত হোৱা গুলীবৰ্ষণৰ ফলত এজন 18 বছৰীয়া যুৱক আহত হয় ৷ আহত যুৱকজন নৌছেৰাস্থিত প'খৰানিৰ নিবাসী মহম্মদ ইছাক বুলি জানিব পৰা গৈছে ৷
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহম্মদক স্থানীয় সেনাৰ শিবীৰত চিকিৎসা কৰোৱা পাচতে ততাতৈয়াকৈ নৌছেৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ পৰৱৰ্তী সময়ত মহম্মদক নৌছেৰা চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে জিএমচি জম্মুলৈ প্ৰেৰণ কৰা হয় ৷