ETV Bharat / bharat

কৰ'ণা ভাইৰাছত আক্ৰান্ত তামিলনাডুৰ মন্ত্ৰী - কৰ'ণা আক্ৰান্ত মন্ত্ৰী

তামিলনাডুৰ এগৰাকী মন্ত্ৰী চেল্লৰ কে ৰাজু শুকুৰবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে, মন্ত্ৰী চেল্লৰ কে ৰাজু কৰ'ণা ভাইৰাছত আক্ৰান্ত তামিলনাডুৰ তৃতীয় গৰাকী মন্ত্ৰী ।

tamil-nadu-minister-tests-positive-for-covid-19

author img

By

Published : Jul 10, 2020, 7:36 PM IST

নিউজ ডেস্ক, ১০ জুন : তামিলনাডুৰ এগৰাকী মন্ত্ৰী চেল্লৰ কে ৰাজু শুকুৰবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তামিলনাডুৰ DMK দলৰ অধ্যক্ষ এম কে ষ্টেলিনে তেওঁৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে আৰু শীঘ্ৰেই আৰোগ্য হোৱাৰ কামনা কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মন্ত্ৰী চেল্লৰ কে ৰাজু কৰ'ণা ভাইৰাছত আক্ৰান্ত তামিলনাডুৰ তৃতীয় গৰাকী মন্ত্ৰী । ইয়াৰ পূৰ্বেও ৰাজ্যখনত বিদ্যুৎ মন্ত্ৰী পি থংগমণি আৰু শিক্ষামন্ত্ৰী পি অনবলগন সহিতে ৬ গৰাকী সাংসদ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ।

জানিব পৰা মতে, ৰাজ্যখনৰ AIADMK ৰ প্ৰাক্তন মন্ত্ৰী আৰু দলটোৰ জেষ্ঠ নেতা বি বলাৰমথীও সোমবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ মন্ত্ৰী গৰাকীক চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে । লগতে DMK দলৰ ৪ জন সদস্যৰ দেহটো কোভিড-১৯ পজিটিভ পোৱা গৈছে ।

লগতে পঢ়ক : COVID-19: ভাৰতৰ সামগ্ৰিক স্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.