চেন্নাই, ১২ জুন : চেন্নাইৰ মিনজুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিবাহৰ প্ৰথম নিশাই নৱ দম্পতিৰ মাজত বিবাদৰ সূত্ৰপাত হোৱাত পত্নীক হত্যা কৰি আত্মহত্যা কৰে স্বামীয়ে । মৃত নৱ দম্পতিহাল নীতিভাজন (২৪) আৰু পত্নী সন্ধ্যা (২০) বুলি জানিব পৰা হৈছে ।

নৱ দম্পতিহালৰ বিবাদ শুনি পৰিয়ালৰ লোক ততাতৈয়াকৈ আহে যদিও সন্ধ্যাক তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। ইতিমধ্যে মূৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত মৃত্যু হয় সন্ধ্যাৰ । পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে ঘৰৰ পৰা পলায়ন কৰে স্বামী নীতিভাজন । পাছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ চলাই ঘৰৰ ওচৰৰ এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে নীতিভাজনৰ মৃতদেহ । বৰ্তমান কট্টুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ।
লগতে চাওকঃ কেইবা শহস্ৰাধিক লোকৰ প্ৰতিবাদে কঁপালে মাৰ্ঘেৰিটাৰ ৰাজপথ