ETV Bharat / bharat

তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে চেন্নাইত উদ্ধোধন কৰিলে কোভিড-১৯ হাস্পতাল

author img

By

Published : Jul 7, 2020, 6:40 PM IST

চেন্নাই
Tamil Nadu CM to inaugurate COVID-19 hospital in Chennai

নিউজ ডেস্ক, ৭ জুলাইঃ মহাৰাষ্ট্ৰৰ পাছতে তামিলনাডুত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত। এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইৰ গুইন্দি (Guindy) চহৰত কোভিড ৰোগীৰ বাবে মুকলি কৰা হয় এখন হাস্পতাল । তামিলনাডুৰ মুখ্যমন্ত্ৰী এডাপ্পাডী কে. পালানীস্বামীয়ে মুকলি কৰে এই বিশেষ হাস্পতালখন ।

নতুনকৈ মুকলি কৰা হাস্পতালখনত মুঠ ৭৫০ খন বিচনাৰ সুবিধা আছে । ইয়াৰে ৩০০ খন বিচনা অক্সিজেনযুক্ত আৰু ২০০ খন বিচনাত ভেণ্টিলেটৰৰ সুবিধা আছে বুলি জানিব পৰা গৈছে ।

হাস্পতালখনৰ পৰিচালক ডা০ কে. নাৰায়ণস্বামীয়ে উল্লেখ কৰা অনুসৰি, হাস্পতালখনত যোগ কৰাৰ বাবে আছুতীয়া কোঠা, পুথিভৰাল, টেলিভিচন চাব পৰা কোঠালী আদিৰ সুবিধা আছে । তদুপৰি ৰোগীসকলৰ চিকিৎসাৰ বাবে হাস্পতালখনত থকা চিকিৎসা কৰ্মীৰ উপৰিও অন্য কোভিড চেণ্টাৰৰ পৰা বিশেষজ্ঞক মাতি অনা হ'ব বুলি উল্লেখ কৰে ডা০ কে. নাৰায়ণস্বামীয়ে। সম্প্ৰতি হাস্পতালখনত থকা ১০০ গৰাকী চিকিৎসাক, ১৫০ গৰাকী নাৰ্চ আৰু ২০০ গৰাকী স্বাস্থ্য কৰ্মীয়ে কোভিড-১৯ ৰোগীসকলক সেৱা আগবঢ়াব ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি তামিলনাডুত মুঠ ১,১৪,৯৭৮ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । ইয়াৰে ৪৬,৮৩৬ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ৭২,০৮৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে । আনহাতে, ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ১,৫৭১ গৰাকী লোক।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.