ETV Bharat / bharat

আফগানিস্তানৰ কুন্দুজত তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ: নিহত এজন

author img

By

Published : Feb 5, 2021, 12:53 PM IST

আফগান নিৰাপত্তা বাহিনীৰ ওপৰত তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ আফগানিস্তানৰ কুন্দুজত খান আবাদ জিলাৰ আউটপোষ্টত চলোৱা আক্ৰমণত এজন জোৱান নিহত হোৱাৰ লগতে দুজন জোৱান গুৰুতৰ ভাৱে আহত হয় ৷

আফগানিস্তানৰ কুন্দুজত তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ: নিহত এজন
আফগানিস্তানৰ কুন্দুজত তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ: নিহত এজন

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে আফগানিস্তানৰ কুন্দুজত খান আবাদ জিলাৰ আউটপোষ্টত তালিবানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণত আফগান নিৰাপত্তা বাহিনীৰ এজন জোৱান নিহত হোৱাৰ লগতে দুজন জোৱান গুৰুতৰ ভাৱে আহত হয় ৷ কুন্দুজৰ প্ৰাদেশিক পৰিষদৰ সদস্য ৰাব্বানী ৰাব্বানীয়ে সদৰী কৰা তথ্য মতে, খান আবাদ জিলাৰ তপ-ই-আখতাৰ অঞ্চলত এই আক্ৰমণ সংঘটিত হৈছিল ৷ সম্প্ৰতি আঘাটপ্ৰাপ্ত দুয়োজনকে উদ্ধাৰ কৰা হৈছে ৷

নিৰাপত্তা সূত্ৰই জনোৱা মতে, বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো সঠিক তথ্য পোৱা নাই যদিও চেষ্টা অব্যাহত ৰখা হৈছে ৷ শান্তি প্ৰিয় জনতাৰ বাবে শান্তি ঘুৰাই অনাৰ চেষ্টা কৰি থকা হৈছে যদিও সন্ত্ৰাসবাদীয়ে বাৰে বাৰে হিংসাত্মক কাৰ্য সংঘটিত কৰি আছে ৷

লগতে পঢ়ক: পাকিস্তানৰ ওপৰত সন্ত্ৰাস আৰু শত্ৰুতামুক্ত পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্ব: ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.