কোনোবাই কৈছিল, "শান্তি হৈছে দুখন যুদ্ধৰ অন্তৱৰ্তীকালীন মাধ্যম" ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ক্ষন্তেকীয়া শান্তিয়ে বিগত আঠ বছৰে ছিৰিয়াৰ শান্তি ভংগ কৰি আহিছে ৷ এখন চিৰাচৰিত গৃহযুদ্ধৰ ফলত সকলো ফালে বিয়পি পৰিছে কেৱল তেজৰ চেঁকুৰা ৷ বৃহৎ শক্তি আমেৰিকাই মানৱ অধিকাৰ ৰক্ষাৰ নামত ছিৰিয়া অধিগ্ৰহণ কৰাৰ পিচতে পৰিস্থিতিয়ে ভয়াৱহ যুদ্ধৰ ৰূপ ধাৰণ কৰে ৷ আমেৰিকাই সন্মানপূৰ্বকভাৱে কেতিয়াও নিজৰ দায়িত্ব গ্ৰহণ কৰা নাই ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে উত্তৰ ছিৰিয়াৰ পৰা আমেৰিকান সৈন্য বাহিনী উঠাই লোৱাৰ কথা ঘোষণা কৰাৰ পিচতে কুৰ্দিছসকল এক উপায়বিহীন পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ তুৰ্কীয়ে কুৰ্দিছসকলৰ ওপৰত কৰিব বিচৰা ভয়াৱহ আক্ৰমণৰ বিচাৰি থকা সুবিধা এতিয়া সহজলভ্য হৈ পৰাৰ পিচতে ছিৰিয়াক লৈ আন এক ৰাজনৈতিক অংক আৰম্ভ হৈছে ৷ আমেৰিকাৰ সহায়ত যুদ্ধক্ষেত্ৰত বৰ্তি থকা কুৰ্দিছ বাহিনীৰ অস্তিত্ব এতিয়া ছেদেলী-ভেদেলী হৈ পৰিছে ৷ এইটো লক্ষ্যণীয় যে, ছিৰিয়াৰ শাসক আছাদৰ সৈতে কুৰ্দিছ বাহিনীয়ে স্বাক্ষৰ কৰা যুদ্ধ বিৰতিয়ে সকলোকে আচৰিত কৰি তুলিছে ৷
যদিও আমেৰিকাই অৰ্থনৈতিক বান্ধোনেৰে তুৰ্কীৰ ৰাজধানী আংকাৰা আক্ৰমণৰ হুংকাৰ দিছে,আমেৰিকাৰ এই নীতিয়ে 5 দিনীয়া যুদ্ধবিৰতিৰ ৰূপত ইতিমধ্যে দেখা দিছে ৷ তুৰ্কী আৰু আমেৰিকাৰ মাজৰ আন এক বুজাবুজি অনুসৰি,কুৰ্দিছ বাহিনীক তুৰ্কীৰ সীমাৰ পৰা খেদি দিয়াৰ লগতে তুৰ্কীৰ ওপৰত কোনোধৰণৰ অৰ্থনৈতিক অৱৰোধ লগাব নালাগে বুলি চুক্তিত উপনীত হৈছে ৷ তুৰ্কীৰ চৰ্ত অনুসৰি,আমেৰিকাই ছিৰিয়াৰ নেশ্যনেল ডেম'ক্ৰেটিক ফ'ৰ্চক দক্ষিণ ছিৰিয়াৰ সীমাৰ পৰা 20 কিলোমিটাৰ দূৰলৈ খেদি পঠিওৱাৰ লগতে বাকী দিশবোৰতো চৰ্চা চলাই আছে ৷ অৱশ্যে ট্ৰাম্পে এয়া মানৱ অধিকাৰৰ সপক্ষে বুলি উল্লেখ কৰিলেও বাস্তৱত এয়া ইছলামিক ষ্টেটক পুনৰ জগাই তোলাৰ এক ভয়ংকৰ প্ৰচেষ্টা হিচাপে দেখা দিছে ৷
সাত দশক পূৰ্বে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল ছিৰিয়াই ৷ কুৰ্দিছ,আৰ্মেনিয়ানছ,খ্ৰীষ্টিয়ান,শ্বিটেছ আৰু চুন্নীসকলৰ বসতিৰে পৰিপূৰ্ণ এটা অঞ্চল হৈছে ছিৰিয়া ৷ ছিৰিয়াত কুৰ্দিছসকল সংখ্যাগৰিষ্ঠ হোৱাৰ পিচটো এতিয়ালৈকে তেওঁলোকৰ কোনো স্থায়ী ঠিকনা নাই ৷ ইৰান,তুৰ্কী,ইৰাক, ছিৰিয়া,আৰ্মেনিয়াত বিস্তৃত হৈ থকা 17 লাখ কুৰ্দিছৰ বেছিভাগেই উত্তৰ ছিৰিয়াত বাস কৰে ৷ 2011 চনৰ আৰৱ স্প্ৰীঙে বিশ্বৰ বহুকেইখন দেশত আন্দোলনৰ ভয়াৱহতা বৃদ্ধি কৰি দিয়াৰ লগতে ছিৰিয়াক বিধ্বস্ত কৰি এক অন্তহীন গৃহযুদ্ধৰ জন্ম দিয়ে ৷ যেতিয়াই বিৰোধীয়ে ছিৰিয়াৰ শাসক আছাদৰ পদত্যাগৰ দাবীৰে আন্দোলন আৰম্ভ কৰে তেতিয়াই ছিৰিয়াৰ চৰকাৰে আন্দোলনকাৰীক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰম্ভ কৰে ৷ অৱশ্যে আৰৱ লীগ, ইউৰোপ, তুৰ্কী, আমেৰিকা, ইজৰাইল আদিৰ দৰে দেশে বিদ্ৰোহীসকলৰ প্ৰতি সমৰ্থন আগবঢ়ায় ৷ এনেকুৱা বিপৰ্যয়ৰ সময়ত ছিৰিয়াৰ চৰকাৰৰ প্ৰতি ইৰানৰ আমোলাসকলৰ লগতে, হাজাৰৰ সংখ্যাত থকা হিজবুল্লাহ গেৰিলাই ভৌতিক প্ৰদৰ্শন তথা ৰাছিয়াই আকাশী আক্ৰমণেৰে সমৰ্থন প্ৰদান কৰে ৷ইয়াৰ ফলতেই শীতল যুদ্ধৰ সময়চোৱাত আমেৰিকা আৰু ছোভিয়েট সংঘৰ ৰাজনৈতিক নাটকৰ পৰিপ্ৰেক্ষিতত আফগানিস্তানত হোৱা ধ্বংসলীলাৰ দৰেই ছিৰিয়াতো একেই অশান্তি বিয়পি পৰে ৷ বিদেশী শক্তিৰ আক্ৰমণৰ বিৰুদ্ধে শাসক আছাদে দিয়া ৰাসায়নিক অস্ত্ৰ আক্ৰমণৰ হুংকা,নিজৰ মানুহৰ ওপৰতে প্ৰয়োগ কৰি পৰিস্থিতি আৰু অধিক জটিল কৰি তুলে ৷ যদিও ৰাষ্ট্ৰসংঘৰ লগতে বিশ্বৰ অন্যান্য দেশে ইয়াৰ প্ৰতিৰোধ কৰিছে তথাপিও ইয়াৰ ভয়াৱহতা এতিয়াও অন্ত পৰা নাই ৷ ৰাজনৈতিক মুনাফাৰ বাবে ট্ৰাম্পে বাৰাক ওবামাই কৰা ভুল শুধৰাই দিয়াৰ কথা উল্লেখ কৰিলেও উগ্ৰ যুদ্ধনীতিৰ অন্ত পৰিব বুলি আশা কৰিব নোৱাৰি ৷
লিণ্ডছে গ্ৰাহামে ট্ৰাম্পৰ এই ৰণনীতিক ওবামাই গ্ৰহণ কৰা ক্ষুদ্ৰ নীতিৰ তুলনাত অধিক ভয়ংকৰ বুলি উল্লেখ কৰিছে ৷ তেওঁৰ দ্বাৰা কৰা সমালোচনা বহুখিনি ন্যায়সংগত বুলিব পাৰি ৷ ক্ষন্তেকীয়া লাভৰ বাবে আমেৰিকাই গ্ৰহণ কৰা সিদ্ধান্তই অধিক সমস্যাৰ সৃষ্টি কৰিব ৷ PKK যাক স্বতন্ত্ৰ কুৰ্দিছ দেশ প্ৰতিষ্ঠা কৰিবলৈ 1984 চনত স্থাপনা কৰা হৈছিল, তেওঁলোকে ছিৰিয়াৰ সশস্ত্ৰ সংঘাতত এতিয়ালৈকে 40000 লোক হেৰুৱাইছে ৷ PKKৰ সমৰ্থনত PYDএ ছিৰিয়াত কুৰ্দিছ পাৰ্টীৰ ৰূপত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল ৷ আমেৰিকাই আইএছ বিদ্ৰোহী দমনৰ নামত কুৰ্দিছ সেনা আৰু SDFক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ লগতে তুৰ্কী আৰু ছিৰিয়াৰ সীমাত নিজৰ শক্তি বৃদ্ধি কৰিবলৈ সমৰ্থন আগবঢ়াই আহিছে ৷ ইয়াৰ পিচতে NDFএ তুৰ্কী সীমান্তত স্বায়ত্ব পৰিষদ গঠন কৰাৰ লগতে হাজাৰৰ সংখ্যাত আইএছ বিদ্ৰোহী কৰায়ত্ব কৰিছে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোত কুৰ্দিছ সকলৰ প্ৰয়োজন শেষ হোৱাৰ পিছতে আমেৰিকাই নিজৰ পথ সলনি কৰি নাটোৰ সদস্যভুক্ত তুৰ্কীক সমৰ্থন আগবঢ়াইছে ৷ আমেৰিকাৰ সমৰ্থনৰ পিচতেই তুৰ্কীয়ে কুৰ্দিছ বিদ্ৰোহীৰ ওপৰত আকাশী পথেৰে বোমাবৰ্ষণ আৰম্ভ কৰি দিয়ে ৷ তুৰ্কীয়ে নিজৰ সীমাৰ 50 কিলোমিটাৰ অঞ্চল SDF মুক্ত হিচাপে বিচাৰি এই আক্ৰমণ সংঘটিত কৰে ৷
যদি এইটো মানি লোৱা হয় যে, কুৰ্দিছসকলে বন্দী কৰি ৰখা আইএছ সন্ত্ৰাসবাদীসকলক মুকলি কৰি দিয়ে অথবা আইএছ সন্ত্ৰাসবাদীসকলে নিজৰ শক্তি ঘুৰাই লৈ পুনৰ নৰসংহাৰ আৰম্ভ কৰে তেতিয়া পৰিস্থিতি কি হ'ব ? বৃহৎ পূঁজিপতিৰ দেশ একাংশৰ ৰাজনৈতিক মতাদৰ্শই ছিৰিয়াৰ আভ্যন্তৰীণ কন্দলত উদগনি যোগাইছে ৷