নিউজ ডেস্ক, 25 আগষ্ট : কৰ্ণাটকৰ মাঙ্গালোৰো উপকূল আৰক্ষীয়ে দেওবাৰে এজন পাক সন্ত্ৰাসবাদীৰ সন্ধান বিচাৰি জাননী জাৰি কৰে ৷ পাক সন্ত্ৰাসবাদীজন তামিলনাডুৰ পৰা পলায়ন কৰি কৰ্ণাটকৰ মালপে তথা ইয়াৰ কাষৰীয়া অঞ্চলত আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা অনুসৰি সমুদ্ৰ পথেৰে ভাৰতত প্ৰৱেশ কৰাটো সন্ত্ৰাসবাদীৰ কাৰণে অতি সুবিধাজনক ৷
আৰক্ষীয়ে অঞ্চলটোৰ স্থানীয় লোকক সৰ্তক থকাৰ লগতে কোনো সন্দেহজনক লোকক দেখিলে লগে লগে স্থানীয় আৰক্ষী থানাত অৱগত কৰিবলৈ আহ্বান জনায় ৷ আৰক্ষীয়েও পাক সন্ত্ৰাসবাদীজনক বিচাৰি অভিযান অভ্যাহত ৰখাৰ লগতে অঞ্চলকেইটাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷