ETV Bharat / bharat

সুশান্ত সিঙৰ আত্মহত্যা : ৰিয়া চক্ৰৱৰ্তী, মহেশ ভাটৰ হোৱাটছএপ মেছেজ ভাইৰেল

author img

By

Published : Aug 21, 2020, 11:21 AM IST

সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ হোৱাটছএপ মেছেজ ভাইৰেল ৷ ছবি নিৰ্মাতা মহেশ ভাটৰ সৈতে বাৰ্তালাপ ৰিয়া চক্ৰৱৰ্তীৰ ৷ বিভিন্ন ধৰণৰ বাৰ্তালাপৰ মেছেজ ভাইৰেল চ'চিয়েল মিডিয়াত ৷

Sushant Singh Rajput's case: Rhea Chakraborty, Mahesh Bhatt's WhatsApp chat goes viral
সুশান্ত সিঙৰ আত্মহত্যা

ছিটাৰা ডেস্ক, 21 আগষ্ট : মুম্বাইৰ নিজ বাসগৃহত আত্মহত্যা কৰা অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমানেও অব্যাহত আছে ৷ তদন্ত অব্যাহত থকাৰ সময়তে সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ এটা হোৱাটছএপ বাৰ্তালাপে পুনৰ এই তদন্তক এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে 8 জুনত উক্ত বাৰ্তা ছবি নিৰ্মাতা মহেশ ভাটক প্ৰদান কৰিছিল ৷

ইফালে, ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰেৰণ কৰা মেছেজৰ জৰিয়তে এইটো বুজা গৈছিল যে, সেই দিনাই ৰিয়া চক্ৰৱৰ্তীয়ে অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছিল ৷ ৰিয়াৰ মেছেজৰ পৰা এইটোও স্পষ্ট হৈছিল যে, ৰিয়াৰ পিতৃয়ে অভিনেতা সুশান্ত সিঙৰ সৈতে সম্পৰ্কক সহজভাবে ল'ব পৰা নাছিল ৷

আনহাতে, চ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ৰিয়াৰ মেছেজ অনুসৰি, ৰিয়া আৰু ছবি নিৰ্মাতা মহেশ ভাটে বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰিছিল ৷ ছবি নিৰ্মাতা গৰাকীয়ে ৰিয়াক আয়ছা নামেৰে বিভিন্ন ধৰণৰ মেছেজ প্ৰেৰণ কৰিছিল ৷ বিশেষ তথ্য অনুসৰি, 2018 চনত মুক্তি লাভ কৰা ছবি 'জলেবী'ত ৰিয়াৰ নাম আয়ছা আছিল ৷

উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতে 14 জুনত নিজ বাসগৃহত আত্মহত্যা কৰিছিল ৷

লগতে পঢ়ক : দেশ প্ৰতিৰক্ষাত নিয়োজিত এখন গাঁও...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.