ETV Bharat / bharat

ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ ভিত্তিহীন ঘোষণা - উচ্চতম ন্যায়ালয়

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে মুখ্য ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে উত্থাপিত যৌন উৎপীড়নৰ অভিযোগ ভিত্তিহীন বুলি ৰায়দান দিয়ে ৷ পূৰ্বৰ শুনানিত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আঁৰত ষড়যন্ত্ৰ থকা বুলি অভিযোগ কৰিছিল মুখ্য ন্যায়াধীশগৰাকীয়ে ৷

RANJAN GOGOI GETS CLEAN CHIT
author img

By

Published : May 7, 2019, 11:17 AM IST

নতুন দিল্লী , 7 মে' : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া এক বিচাৰপীঠে মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে উত্থাপিত যৌন উৎপীড়নৰ অভিযোগ ভিত্তিহীন বুলি ৰায়দান দিয়ে ৷

ইয়াৰ পূৰ্বে অভিযোগকাৰী মহিলাগৰাকীয়ে বিচাৰ প্ৰক্ৰিয়াৰ পৰা তেওঁ ন্যায় লাভ নকৰে বুলি মন্তব্য কৰি উঠাই লৈছিল অভিযোগ ৷ ইয়াৰ পাচতে তিনিজনীয়া বিচাৰপীঠে মুখ্য ন্যায়াধীশগৰাকীক বিচাৰ প্ৰক্ৰিয়াত হাজিৰ হৈ নিজৰ মন্তব্য প্ৰকাশ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তিনিজনীয়া বিচাৰপীঠৰ আগত নিজৰ ভাষ্য প্ৰদান কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে ৷ অভিযোগকাৰী মহিলাগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি এয়া কোনো সাধাৰণ গোচৰ নহয় , বৰঞ্চ যৌন উৎপীড়নৰ গোচৰ ৷ কিন্তু বিচাৰপীঠে তেওঁৰ অভিযোগৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব লাভ কৰা নাই বুলি অভিযোগকাৰীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : জামুগুৰিহাটত ঘিলাধাৰী নৈত সন্ধানহীন এজন

আনহাতে পূৰ্বৰ শুনানিত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আঁৰত ষড়যন্ত্ৰ থকা বুলি প্ৰকাশ কৰিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ মুখ্য ন্যায়াধীশৰ কাৰ্য প্ৰণালীত প্ৰভাৱ পেলাবৰ বাবেই এনে ষড়যন্ত্ৰ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মুখ্য ন্যায়াধীশ গৰাকীৰবিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰিছিল৷

Intro:Body:

A

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.