ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ ৫৭ পাইলটক অব্যাহতিৰ বিপৰীতে সহ বিমান প্ৰতিষ্ঠানত নিযুক্তি - বিমান চালক

মূল সংস্থা এয়াৰ ইণ্ডিয়াই ৫৭ গৰাকী বিমান চালকক অব্যাহতি দি টাৰ্মিনেশ্যন লেটাৰ জাৰি কৰাৰ পিছতেই এতিয়া এয়াৰ ইণ্ডিয়াৰ সহযোগী বিমান প্ৰতিষ্ঠান এলায়েঞ্চ এয়াৰে এয়াৰ কমাণ্ডাৰ আৰু প্ৰথম বিষয়া(First Officer)ৰ পদবী পূৰণৰ বাবে প্ৰকাশ কৰিছে এক বিজ্ঞাপন । ১৮ চেপ্তেম্বৰৰ পূৰ্বে এই নতুন নিয়োগ প্ৰক্ৰিয়াৰ হ'ব সমাপ্ত ।

Subsidiary hiring while Air India terminates 57 pilots' service
এয়াৰ ইণ্ডিয়াৰ ৫৭ পাইলতক অব্যাহতিৰ বিপৰীতে সহ বিমান প্ৰতিস্থানত নিযুক্তি
author img

By

Published : Aug 17, 2020, 11:40 PM IST

Updated : Aug 18, 2020, 2:20 AM IST

নিউজ ডেস্ক, ১৭ আগষ্ট: এয়াৰ ইণ্ডিয়াৰ ৫৭ গৰাকীকৈ বিমান চালকে তেওঁলোকক দিয়া অব্যাহতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে এয়াৰ ইণ্ডিয়াৰ সহযোগী বিমান প্ৰতিষ্ঠান এলায়েঞ্চ এয়াৰে এয়াৰ কামাণ্ডাৰ আৰু প্ৰথম বিষয়া(First Officer) নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

উল্লেখ্য যে, এলায়েঞ্চ এয়াৰে যোৱাটো সপ্তাহত এয়াৰ কমাণ্ডাৰ আৰু প্ৰথম বিষয়া(First Officer)ৰ পদবী পূৰণৰ বাবে প্ৰকাশ কৰিছিল এটা বিজ্ঞাপন । জানিব পৰা মতে, ১৮ চেপ্তেম্বৰৰ পূৰ্বে এই নতুন নিযুক্তি প্ৰক্ৰিয়াৰ কাম সমাপ্ত হ'ব ।

এক প্ৰেছ বিজ্ঞপ্তিত এয়াৰ ইণ্ডিয়াই কয়, অব্যাহতিৰ আবেদন কৰা বিমানচালক কেইগৰাকীৰ ভিতৰত স্থায়ীৰ লগতে চুক্তিমূলক বিমান চালকো অন্তৰ্ভূক্ত আছিল । ইতিমধ্যে কেইগৰাকীমান বিমান চালকে তেওঁলোকৰ অব্যাহতিৰ আবেদন প্ৰত্যাহাৰ কৰিছে । আনহাতে এয়াৰ ইণ্ডিয়াত অব্যাহতি বিচৰা এই সকল বিমান চালকৰ সেৱাৰ ক্ষেত্ৰত আমাৰ কোনো আৱশ্যকতা নথকাৰ বাবে আমি তেওঁলোকৰ অব্যাহতিৰ আবেদন গ্ৰহণ কৰিছো ।

ইফালে ইণ্ডিয়ান কমাৰ্চিয়েল পাইলট এচ'চিয়েশ্যনে শুকুৰবাৰৰ এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ আৰু প্ৰবন্ধ সঞ্চালক ৰাজীৱ বাঞ্চালক এখন পত্ৰৰ জৰিয়তে অৱগত কৰিছিল যে, কোম্পানী অপাৰেশ্বন মেনুৱেল আৰু চাৰ্ভিচ ৰ’ল উলংঘন কৰি এয়াৰ ইণ্ডিয়াই ৫০ গৰাকী বিমান চালকক অব্যাহতি পত্ৰ প্ৰদান কৰিছে ।

লগতে চাওক-কা বিৰোধী আন্দোলনক নাটক আখ্যা অভিনেতা যতীন বৰাৰ

Last Updated : Aug 18, 2020, 2:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.