ETV Bharat / bharat

নেপালৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

author img

By

Published : Feb 10, 2021, 10:36 PM IST

নেপালৰ প্ৰধানমন্ত্ৰী কে. পি শৰ্মা অলিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৷ অলিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাৰ বাবে হাজাৰৰো অধিক লোক কাঠমাণ্ডুত সমবেত ৷ দুভাগত বিভক্ত হোৱা নেপাল কমিউনিষ্ট পাৰ্টীৰ অন্যটো দলে বাছ আৰু ট্ৰাকেৰে প্ৰতিবাদকাৰী সকলক কাঠমাণ্ডুলৈ লৈ অনাৰ অভিযোগ ৷

street protests continue against nepals prime minister

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী: নেপালৰ প্ৰধানমন্ত্ৰী কে. পি শৰ্মা অলিয়ে সংসদ ভংগ কৰাৰ বাবে লোৱা সিদ্ধান্ত তথা নতুন নিৰ্বাচন ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বুধবাৰে প্ৰায় হাজাৰৰো অধিক লোকে নেপালৰ ৰাজধানীলৈ উলাই আহি প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷

নেপালৰ শাসনত অধিষ্ঠিত নেপাল কমিউনিষ্ট পাৰ্টীত ফাঁট মেলাৰ ফলত দুভাগ হোৱা অন্যটো দলে দেশৰ অন্য প্ৰান্তৰ পৰা বাছ আৰু ট্ৰাকেৰে কাঠমাণ্ডুলৈ মানুহ আনি চহৰৰ মাজমজিয়াত এক সমদল বাহিৰ কৰাৰ বাবে একগোট কৰে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে তিনি বছৰ পূৰ্বে নেপাল কমিউনিষ্ট পাৰ্টীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত কে. পি শৰ্মা অলি নেপালৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৷ শাসনত অধিষ্ঠিত হোৱাৰ পাছতে অলি আৰু দলটোৰ অন্য গৰাকী মুখ্য নেতা পুষ্প কমল দাহালৰ মাজত মত বিৰোধৰ সৃষ্টি হয় ৷

যদিওবা দুয়োগৰাকীয়ে পাঁচ বছৰীয়া শাসনভাৰ সমানে দুটা পৰ্যায়ত নেতৃত্ব লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, শেহতীয়াকৈ অলিয়ে দাহালক শাসনভাৰ এৰি দিবলৈ অমান্তি হোৱা পৰিলক্ষিত হয় ৷

অলি আৰু দাহাল দুয়োগৰাকীয়েই নেপাল কমিউনিষ্ট পাৰ্টীক নিজৰ বুলি দাবী কৰাৰ পাছত নিৰ্বাচন আয়োগতো বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে ৷ বিগত মাহত দাহাল নেতৃত্বাধীন দলটোৱে অলিক দলৰ পৰা বহিস্কাৰ কৰা বুলি অভিযোগ কৰিছিল ৷

লগতে পঢ়ক: উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণ:৩২ জনৰ মৃতদেহ উদ্ধাৰ, ২০৬ জন সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.