ETV Bharat / bharat

ৰাম ইছলাম ধৰ্মাৱলম্বী লোকৰো পূৰ্বপুৰুষ আছিল : প্ৰজ্ঞা ঠাকুৰ

author img

By

Published : Jan 13, 2021, 2:05 PM IST

সংখ্যালঘু লোকসকলে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়োৱা বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে । তেওঁ কয় যে, 'যদি ইছলাম ধৰ্মাৱলম্বী লোকে বৰঙণি আগবঢ়ায়, তেন্তে এয়া খুব ভাল কথা । কিয়নো, এসময়ত ৰাম তেওঁলোকৰ পুৰ্বপুৰুষ আছিল' ।

ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰ
ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰ

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী : কংগ্ৰেছক সমস্যা সৃষ্টিকাৰী দল আখ্যা দি ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে কয় যে, কংগ্ৰেছে সদায় জাতীয়তাবাদীক উপহাস কৰি আহিছে । মধ্য প্ৰদেশৰ উজ্জয়িনীত নিখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক অনুষ্ঠানত অংশ লৈ ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত মন্তব্য কৰে । তেওঁ কয় যে, বিজেপিয়ে পূৰ্বপুৰুষৰ হৈ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিছে । ইয়াৰ বাবে বিজেপিয়ে ধন সংগ্ৰহ কৰিছে সাধাৰণ ৰাইজৰ পৰা ।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ বাবে উলিওৱা সমদলত বাহনলৈ শিল দলিওৱা লোকসকলক শাস্তি প্ৰদান কৰা উচিত আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা উচিত বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । এনে লোকে সমাজৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰে বুলিও মন্তব্য কৰে । লগতে তেওঁ কয় যে, কংগ্ৰেছৰ দৰে বিজেপিয়ে অবৈধভাৱে একো নিৰ্মাণ কৰা নাই । উল্লেখ্য যে, ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ বাবে উজ্জয়িনী, মন্দচৌৰ, নীমুছ আৰু খাৰগনত কেইবাটাও সংগঠনৰ সহযোগত সমদল উলিওৱা হৈছিল । সেই সময়তে সমদলকাৰীৰ বাহনলৈ লক্ষ্য কৰি শিল দলিওৱা হৈছিল । এই ঘটনাৰ পিছতে প্ৰজ্ঞা ঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

আনহাতে, মধ্য প্ৰদেশ চৰকাৰে এনেদৰে শিল দলিওৱা সন্দৰ্ভত এখন আইন প্ৰণয়ন কৰাৰ পৰিকল্পনা কৰিছে । ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে সংখ্যালঘু লোকসকলে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়োৱা বিষয়ক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে, যদি ইছলাম ধৰ্মাৱলম্বী লোকে বৰঙণি আগবঢ়ায়, তেন্তে এয়া খুব ভাল কথা । কিয়নো, এসময়ত ৰাম তেওঁলোকৰ পুৰ্বপুৰুষ আছিল আৰু লালাসাৰ পৰিণতিস্বৰূপে তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰে । যদি ইছলাম ধৰ্মাৱলম্বী লোকৰ আস্থা আছে আৰু ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়াই তেন্তে, আপত্তি নাথাকে বুলিও মন্তব্য কৰে প্ৰজ্ঞা ঠাকুৰে ।

লগতে পঢ়ক:নিজৰ শেহতীয়া প্ৰকাশিত কিতাপ অমিতাভ বচ্চনক উপহাৰ দিলে অনুপম খেৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.