ETV Bharat / bharat

পূৱ লাডাখত যুদ্ধ নহয়, শান্তিৰ পৰিৱেশঃ এয়াৰ চীফ মাৰ্শ্বাল ভাদুৰীয়া

author img

By

Published : Sep 29, 2020, 4:03 PM IST

এয়াৰ চীফ মাৰ্শ্বাল ভাদুৰীয়াই এখন সন্মিলনত উল্লেখ কৰে যে, ভাৰতৰ উত্তৰ সীমান্তত পৰিস্থিতি এতিয়াও উদ্বেগজনক, যুদ্ধৰ পৰিৱেশো নাই কিন্তু শান্তিৰ পৰিৱেশো বিৰাজ কৰি থকা নাই ৷ ভাৰত চীন সীমান্তত এক উত্তেজনা বিৰাজ কৰি আছে ৷ তেখেতে ৰাফেল যুদ্ধ বিমানসমূহ প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভুক্ত কৰি বায়ু সেনাক শক্তিশালী কৰাৰ বাবে ধন্যবাদ জনাইছে চৰকাৰক ৷

পূৱ লাডাখত যুদ্ধ নহয়, শান্তিৰ পৰিৱেশঃ এয়াৰ চীফ মাৰ্শ্বাল ভাদুৰীয়া
পূৱ লাডাখত যুদ্ধ নহয়, শান্তিৰ পৰিৱেশঃ এয়াৰ চীফ মাৰ্শ্বাল ভাদুৰীয়া

নিউজ ডেস্ক, ২৯ ছেপ্তেম্বৰঃ মঙলবাৰে পূৱ লাডাখত চীনৰ সৈতে থকা দীঘলীয়া সীমা সম্পৰ্কত এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদুৰীয়াই কয় যে, আমাৰ উত্তৰ সীমান্ত বৰ্তমান সুস্থিৰ নহয়, উদ্বেগজনক অৱস্থাত আছে ৷ যুদ্ধকালীন পৰিৱেশো নাই,একেদৰে শান্তিও নাই ৷

বায়ু সেনাৰ এখন বৈঠকৰ সময়ত এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই কয় যে, ভাৰতীয় বায়ু সেনাই যিকোনো তৎকালীন পৰিস্থিতিৰ বাবে সাজু থকাৰ লগতে বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম হৈ আছে ৷ তেওঁ কয় যে, আমাৰ সীমান্তত সুৰক্ষাৰৰ ক্ষেত্ৰত বৰ্তমানৰ পৰিস্থিতি উদ্বেগজনক, শান্তিৰ পৰিৱেশো নাই, যুদ্ধৰ পৰিৱেশো বিৰাজ কৰা নাই ৷ আপোনালোকে জানেই ভাৰতীয় বায়ু সেনা ইতিমধ্যে সষ্টম হৈ আছে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৷ এইদৰে কয় এয়াৰ চীফ মাৰ্শ্বালগৰাকীয়ে ৷

লগতে পঢ়ক : হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদুৰীয়াই কয় যে, C-17 গ্লোৱ-মাষ্টাৰ বিমানৰ লগতে চিনুক হেলিকপ্তাৰ আৰু আপাচি হেলিকপ্তাৰ সমূহৰ লগতে উচ্চ প্ৰযুক্তি সমৃদ্ধ ৰাফেল জেট বিমানসমূহে সাম্প্ৰতিক সময়ত ভাৰতীয় বায়ু সেনাক কৌশলগত দিশৰ পৰা আৰু সামৰ্থৰ দিশৰ পৰা অধিক শক্তিশালী কৰি তুলিছে ৷ বিমান শক্তিসমূহে আমাৰ বিজয়ৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কাৰণে সাজু হৈ আছে ভৱিষ্যতৰ যিকোনো সংঘাতময় পৰিস্থিতিৰ বাবে ৷ ভাৰতীয় বায়ু সেনা শত্ৰুৰ বিৰুদ্ধে প্ৰযুক্তিগত দিশ সমূহ নিৰীক্ষণ কৰাৰ লগতে সামৰ্থ বজাই ৰখাটো জৰুৰী বায়ু সেনাৰ বাবে, তেখেতে ভাৰতীয় মহাকাশ প্ৰযুক্তিক শক্তিশালী কৰা সম্পৰ্কীয় এখন বৈঠকত এইদৰে কয় ৷

উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীত ফ্ৰান্সত নিৰ্মিত অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ ৰাফেল বিমান সমূহ গোল্ডেন এৰো স্কোৱাড্ৰণত অন্তৰ্ভুক্ত কৰিছিল বায়ু সেনাই ৷ যোৱা দুসপ্তাহ ধৰি পূৱ লাডাখৰ বন্দৰত ইয়াক অন্তৰ্ভুক্ত কৰণ প্ৰক্ৰিয়া চলিছে ৷ আই এফ প্ৰধান গৰাকীয়ে আৰু কয় যে, কম সময়ৰ ভিতৰত লঘু যুদ্ধ বিমান তেজাছৰ দুটা স্কোৱাড্ৰণ আৰু ছুখয়-30 এম কে আইৰ সংস্কৰণত দেশীয় প্ৰযুক্তিৰ উত্তৰণ ঘটিছে আৰু যিয়ে ভাৰতবৰ্ষৰ বাবে প্ৰযুক্তিগত দিশটোক অধিক শক্তিশালী হোৱাৰ ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক : ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.