ETV Bharat / bharat

আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসঃ নাৰী শক্তিৰ অন্যতম উদাহৰণ পি.ভি সিন্ধু - নাৰী শক্তিৰ অন্যতম উদাহৰণ পি.ভি সিন্ধু

বেডমিন্টন খেলত ভাৰতৰ এক সুকীয়া স্থান নিৰ্ণয় কৰা এগৰাকী খেলুৱৈ ৷ যিগৰাকী ভাৰতৰ পৰা অলিম্পিক গেমছত মহিলাৰ একক বেডমিন্টন শাখাত ৰূপৰ পদক বিজয়ী প্ৰথমগৰাকী মহিলা খেলুৱৈ ৷ এই মহিলা খেলুৱৈ গৰাকীৰ নাম পুসৰলা ভেংকট সিন্ধু, যাক আমি চমুকৈ পি.ভি সিন্ধু নামেৰে জানো ৷

special story on badminton player
PV sindhu
author img

By

Published : Mar 4, 2020, 3:32 PM IST

নেশ্যনেল ডেস্ক, 4 মাৰ্চঃ অতি মনযোগেৰে খেলা হাঁহিমুখীয়া এগৰাকী খেলুৱৈ ৷ যিয়ে বেডমিন্টন খেলত ভাৰতৰ এক সুকীয়া স্থান নিৰ্ণয় কৰিছে ৷ এগৰাকী যুৱতী, যিগৰাকী ভাৰতৰ পৰা অলিম্পিক গেমছত মহিলাৰ একক বেডমিন্টন শাখাত ৰূপৰ পদক বিজয়ী প্ৰথম গৰাকী মহিলা খেলুৱৈ ৷ সেইগৰাকী যুৱতীয়েই 2019 চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল ৷ যাক পদ্মভূষণৰ বাবেও নিৰ্বাচন কৰা হৈছে ৷ এই মহিলা খেলুৱৈ গৰাকীৰ নাম পুসৰলা ভেংকট সিন্ধু, যাক আমি চিনি পাও চমুকৈ পি.ভি সিন্ধু নামেৰে ৷

নাৰী শক্তিৰ অন্যতম উদাহৰণ পি.ভি সিন্ধু
নাৰী শক্তিৰ অন্যতম উদাহৰণ পি.ভি সিন্ধু

তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত 1995 চনৰ 5 জুলাইত জন্মগ্ৰহণ কৰা পি.ভি সিন্ধুৰ পিতৃৰ নাম পি.ভি ৰমণ আৰু মাতৃৰ নাম পি. বিজয়া ৷ পি.ভি সিন্ধুৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে ভলীবলৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছিল ৷ তেওঁৰ পিতৃয়ে ভলীবলৰ বাবে অৰ্জুন পুৰস্কাৰেৰে পুৰস্কৃতও হৈছে ৷ 2016 চনত চীন অপেনৰ খিতাপ নিজৰ দখললৈ অনা পি.ভি সিন্ধুৱে পুলেলা গোপীচন্দৰ পৰা প্ৰভাৱিত হৈ বেডমিন্টন খেলিবলৈ আগ্ৰহী হয় আৰু 8 বছৰ বয়সৰ পৰা বেডমিন্টন খেলিবলৈ আৰম্ভ কৰে ৷ মেহবুব আলী তেওঁৰ প্ৰথম প্ৰশিক্ষক আছিল যদিও পিচলৈ তেওঁ গোপীচন্দৰ শিষ্য হয় আৰু তেওঁৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰে ৷

আপোনাৰ চাগে মনত আছে, যেতিয়া সিন্ধুৱে ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ পিচত আইচক্ৰীম খাই আছিল ৷ আচলতে সেইয়া আছিল ৰিঅ' অলিম্পিকৰ প্ৰস্তুতিৰ বাবে তেওঁৰ প্ৰশিক্ষক গোপীচন্দে তেওঁৰ মোবাইল ফোন লৈ লৈছিল আৰু চকলেট খোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ যেতিয়া সিন্ধুই অলিম্পিকত মেডেল আনে তেতিয়াই তেওঁ আইচক্ৰীমো ঘুৰাই পায় ৷

পি.ভি সিন্ধুয়ে 9 বছৰ বয়সতে 56 কি:মি দুৰলৈ বেডমিন্টনৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল ৷ তেওঁ সদায় পুৱা প্ৰশিক্ষণলৈ যাবৰ বাবে 3 বজাত শুই উঠিছিল, কিয়নো 4.30 বজাৰ পৰা আৰম্ভ হৈছিল তেওঁৰ প্ৰশিক্ষণ ৷ প্ৰশিক্ষণৰ পৰা আহি সিন্ধু 8.30 বজাত বিদ্যালয়লৈ গৈছিল আৰু ঘুৰি আহি পুনৰ প্ৰতিষ্ঠানলৈ গৈছিল অনুশীলনৰ বাবে ৷ তেওঁৰ কঠোৰ পৰিশ্ৰমৰ বাবেই অলিম্পিকত ভাৰতৰ ত্ৰিৰংগা গৌৰৱেৰে উৰিছিল ৷

আন্তৰাষ্ট্ৰীয় নাৰী দিৱসঃ নাৰী শক্তিৰ অন্যতম উদাহৰণ পি.ভি সিন্ধু

সিন্ধুৰ কেৰিয়াৰ দৃষ্টি নিক্ষেপ কৰিলে আমি তাত ভিন্ন সফলতা দেখিবলৈ পামঃ

  • 2011 চনত কমন য়ুথ গেমছত সোণৰ পদক
  • 2014 চনত কমন ৱেল্থ গেমছত ব্ৰঞ্জৰ পদক
  • 2014 চনত এছিয়া চেম্পিয়নশ্বিপত তেওঁ লাভ কৰে ব্ৰঞ্জৰ পদক
  • অলিম্পিকত ৰূপৰ পদক লাভ কৰে 2016 চনত
  • 2019 চনত ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁ লাভ কৰে সোণৰ পদক
  • 2020 চনত তেওঁক নিৰ্বাচিত কৰা হয় পদ্মভূষণৰ বাবে
  • 2016 চনত ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰ পায় পি.ভি সিন্ধুৱে
  • 2015 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়
  • আৰু 2013 চনত অৰ্জুন বঁটাৰেও তেওঁক সন্মানিত কৰা হয় ৷

বেডমিন্টনৰ বাবে নিজকে উচৰ্গা কৰা, পৰিশ্ৰমী আৰু অনুশাসিত পি.ভি সিন্ধুৰ ৰূপত আমাৰ দেশৰ এক অমূল্য ৰত্ন থকাৰ লগতে দেশৰ ত্ৰিৰংগা ছোৱালীৰ হাতত গৌৰৱেৰে উজ্বলি থাকিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.